৪৫ প্লাছ দেশৰ ভিতৰতে শাৰীৰিকভাৱে আটাইতকৈ কর্মঠ সক্রিয় অসমৰ নাগৰিক
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সমগ্র দেশৰ ভিতৰত শাৰীৰিকভাৱে কর্মঠ তথা সক্রিয় আটাইতকৈ বেছি লোকৰ বাসভূমি হৈছে অসম৷ বৰষুণ–আর্দ্রতাৰ পৰিমাণ বহুগুণে বেছি থকা, বান–গৰাখহনীয়া আদি এশ এবুৰি সমস্যাৰে জর্জৰিত অসমবাসী সমগ্র দেশৰ ভিতৰত আটাইতকৈ ‘ফিট’ বুলি ক’লে সম্ভৱতঃ কোনেও বিশ্বাস নকৰিব৷ কিন্তু কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াকৈ প্রকাশ কৰা তথা ইণ্টাৰনেচল ইনষ্টিটিউট ফৰ পপুলেচন ছায়েন্সেছৰ (আই আই পি এছ) দ্বাৰা প্রস্তুত হোৱা ‘লংগিচিউডিনেল এজেয়িং ষ্টাডী ইন ইণ্ডিয়া’ (লাছি) শীর্ষক প্রতিবেদনত এই কথা প্রতিফলিত হৈছে৷
আই আই পি এছে প্রধানতঃ ৪৫ বছৰ বয়সৰ ঊর্ধ্বৰ লোকসকলৰ মাজত এই সমীক্ষাটো চলাইছিল৷ কোৱা হৈছে যে সমীক্ষাটোৰ অন্তত প্রতিবেদনখনত এখন সমাজত ৪৫ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলে শাৰীৰিকভাৱে কিমান সক্রিয়া, তাৰ ওপৰতেই নির্ভৰ কৰে সেইখন সমাজ আর্থ–সামাজিক দৃষ্টিকোণৰ পৰা কিমান সবল৷ ‘লাছি’ শীর্ষক প্রতিবেদন অনুসৰি ৪৫ বছৰৰ উর্ধ্বৰ অসমৰ ৭৯.১ শতাংশ পুৰুষেই শাৰীৰিকভাৱে কর্মঠ তথা সক্রিয়৷ ‘শাৰীৰিকভাৱে সক্রিয়’ শিতানৰ মূল্যাংকনত ৰাজ্যসমূহৰ তালিকাত অসমে শীর্ষস্থান দখল কৰিছে৷ যিটো অসমৰ আর্থ–সামাজিক ক্ষেত্রৰ বাবে ইতিবাচক বতৰা হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে সামগ্রিকভাৱে ভাৰতত শাৰীৰিকভাৱে সক্রিয় ৪৫ বছৰৰ ঊর্ধ্বৰ পুৰুষ হৈছে ৫৯.৮ শতাংশ৷ একেদৰে ৪৫ বছৰ ঊর্ধ্বৰ অসমৰ ৭৮.৯ শতাংশ মহিলাই শাৰীৰিকভাৱে কর্মঠ তথা সক্রিয়৷ সমগ্র ভাৰতৰ ক্ষেত্রত এই পৰিসংখ্যাটো হৈছে ৬৮.৭ শতাংশ৷
লক্ষণীয়ভাৱে অসমত শাৰীৰিকভাৱে সক্রিয় মহিলাতকৈ পুৰুষৰ সংখ্যা কিছু পৰিমাণে বেছি যদিও সামগ্রিকভাৱে ভাৰতত পুৰুষতকৈ শাৰীৰিকভাৱে সক্রিয় মহিলাৰ সংখ্যা অধিক৷ যি এক অতি তাৎপর্যপূর্ণ বিষয়৷ লাছি শীর্ষক প্রতিবেদনখনত সমগ্র বিষয়টো ভিন্ন দৃষ্টিকোণৰ পৰাও দাঙি ধৰা হৈছে৷ কোৱা হৈছে অসমত ৪৫ ঊর্ধ্বৰ ২০.৯ শতাংশ পুৰুষৰ বিপৰীতে ২১.১ শতাংশ মহিলা শাৰীৰিকভাৱে নিষ্ক্রিয়৷ অর্থাৎ এইসকল লোকে নিজাববীয়াকৈ শাৰীৰিক কোনো কাম–কাজ কৰিব নোৱাৰে৷ ভাৰতৰ ক্ষেত্রত শাৰীৰিকভাৱে নিষ্ক্রিয় পুৰুষ আৰু মহিলাৰ হাৰ হৈছে ক্রমে ৪০.২ আৰু ৩১.৩ শতাংশ৷
পৰিতাপৰ বিষয়টো হৈছে উত্তৰ–পূর্বাঞ্চলৰ আন এখন ৰাজ্য হিচাপে মিজোৰামত থকা ৪৫ ঊর্ধ্বৰ পুৰুষ আৰু মহিলা দেশৰ ভিতৰত শাৰীৰিকভাৱে আটাইতকৈ নিষ্ক্রিয়৷ ৰাজ্যখনৰ মাত্র ১৯.৭ শতাংশ ৪৫ বছৰৰ ঊর্ধ্বৰ পুৰুষহে শাৰীৰিকভাৱে সক্রিয়৷ একেদৰে মিজোৰামৰ মাত্র ২৪.৭ শতাংশ ৪৫ বছৰৰ ঊর্ধ্বৰ মহিলা শাৰীৰিকভাৱে সক্রিয়৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ ৮০.৩ শতাংশ পুৰুষ আৰু ৭৫.৩ শতাংশ মহিলা সম্পূর্ণৰূপে শাৰীৰিকভাৱে নিষ্ক্রিয়৷ ইণ্টাৰনেচল ইনষ্টিটিউট ফৰ পপুলেচন ছায়েন্সেছৰ বাবে যি আন এক অধ্যয়নৰ বিষয় হৈ পৰিছে৷ লক্ষণীয়ভাৱে শাৰীৰিকভাৱে সক্রিয় তথা সক্ষমতাৰ মাপকাঠী হিচাপে বিশ্ব স্বাস্থ্য সংস্থাই দাঙি ধৰা পৰামর্শাৱলীক অনুসৰণ কৰিছে আই আই পি এছে৷ কোৱা হৈছে সেইসকল ব্যক্তিকহে শাৰীৰিকভাৱে সক্রিয় বুলি চিহ্ণিত কৰা হৈছে, যিসকলে প্রতি সপ্তাহত কমেও ১৫৯ মিনিট মজলীয়া অথবা ৭৫ মিনিট কঠোৰ পৰিশ্রম কৰে৷ মজলীয়া পৰিশ্রম হিচাপে ঘৰ পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা, পানীৰ বাল্টি অনা–নিয়া কৰা, দমকলৰ পৰা পানী উলিওৱা, খেতিৰ কাম কৰিব পৰা, অলপ–চৰপ চাইকেল চলাব পৰা লোকসকলক চিহ্ণিত কৰা হৈছে৷
আনহাতে কঠোৰ পৰিশ্রম হিচাপে দৌৰিব পৰা, সাঁতুৰিব পৰা, জিমলৈ যোৱা, দ্রুত গতিত কিম্বা গধুৰ বস্তু লৈ চাইকেল চলাব পৰা, মাটি খান্দিব পৰা, গধুৰ বস্তু উঠাব পৰা লোকসকলক চিহ্ণিত কৰা হৈছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রথমবাৰৰ বাবে আই আই পি এছৰ জৰিয়তে দেশজুৰি ৪৫ বছৰৰ ঊর্ধ্বৰ লোকৰ মাজত ২০১৮ আৰু ২০১৯ চনত এই সমীক্ষা চলাই চলিত বছৰৰ জানুৱাৰী মাহত ৬৩২ পৃষ্ঠাজোৰা ‘লাছি’ শীর্ষক প্রতিবেদন প্রকাশ কৰিছে৷
লক্ষণীয়ভাৱে প্রতিবেদনখনত প্রকাশ পোৱা মতে এই মুহূর্তত অসমত ৬০ বছৰৰ ঊর্ধ্বৰ অর্থাৎ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা হৈছে ২০,৭৮,৫৪৪জন৷ অর্থাৎ অসমৰ মুঠ জনসংখ্যাৰ মাত্র ৬.৬৬ শতাংশহে ৬০ বছৰৰ ঊর্ধ্বৰ তথা জ্যেষ্ঠ নাগৰিক৷