নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০,০০০ টকাতে মাতৃয়ে দালালৰ হাতত তুলি দিলে নৱজাতকক

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ নগৰবেৰাৰ ভখুৰাদিয়াত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড। প্ৰসৱৰ এদিন পাছতেই চিকিৎসালয়ৰ পৰাই দহ হাজাৰ টকাৰ বিনিময়ত নৱজাতকক বিক্ৰী কৰাৰ অভিযোগ। স্বামীক সন্তানটিৰ মৃত্যু হোৱা বুলি কৈ নৱজাতকক জন্মদাত্ৰী মাতৃয়ে কন্যা সন্তানটিক গতালে দালালৰ হতুৱাই অইনলৈ। পত্নী, শাহুৱেক আৰু দালালসহ মুঠ তিনিজনৰ বিৰুদ্ধে সন্তান বিক্ৰীৰ অভিযোগ তুলি আৰক্ষীত এজাহাৰ দাখিল ভুক্তভোগী নৱজাতক সন্তানটিৰ পিতৃৰ। জানিব পৰা মতে ঘটনাটো আজিৰে পৰা প্ৰায় চৈধ্য মাহ পূৰ্বৰ, স্বামী-স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ পাছতহে পোহৰলৈ আহে সন্তান বিক্ৰীৰ কাণ্ড। ইতিমধ্যে তিনিজনৰ বিৰুদ্ধে নৱজাত সন্তানটিৰ পিতৃ ৰশিদ আলীয়ে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ২০২৩ চনৰ ২ নৱেম্বৰত ভখুৰাদিয়া গাৱঁৰ ৰশিদ আলীৰ গৰ্ভৱতী পত্নী নীলিমা খাতুনৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত সোনতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়, লগত আছিল নীলিমা খাতুনৰ মাতৃ আমিনা খাতুন, হানিফ আলী নামৰ এজন লোক আৰু আশা কৰ্মী। সেই সময়ত মহিলাগৰাকীৰ স্বামী, ইটাভাতাৰ শ্ৰমিক ৰশিদ আলী ঘৰত নাছিল, ইটাভাতাত কাম কৰিবলৈ গৈছিল এঠাইত। চিকিৎসালয়লত ভৰ্তি হোৱাৰ পাছতে এগৰাকী কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। পিছে ৰহস্যজনকভাৱে সন্তানটি মৃত্যু হোৱা বুলি খৱৰ দিয়ে ৰশিদ আলীক আৰু তাৰ পৰাই সোনতলী অঞ্চলৰ ৰমজান আলী নামৰ এজন লোকৰ ওচৰত হানিফ আলীয়ে আমিনা খাতুনৰ সহযোগত বিক্ৰী কৰে নৱজাতকক। দহ হাজাৰ টকাত বিক্ৰী কৰি সমূদায় টকা হেনো হানিফ আলীয়েই লয়। প্ৰায় ১৪ মাহ ধৰি পোহৰলৈ অহা নাছিল এই ঘটনা। শেহতীয়াকৈ ৰশিদ আলী আৰু পত্নী নীলিমা খাতুনৰ মাজত সংঘটিত ঘৰুৱা কাজিয়াৰ সময়তে হঠাৎ ফাদিল হয় এই তথ্য আৰু ৰশিদ আলীয়ে ঘটনাত জড়িত থকা পত্নী, শাহুৱেক আৰু হানিফ আলীৰ নামত নগৰবেৰা থানাত দাখিল কৰে এজাহাৰ। পিছে কি কাৰণে নৱজাতকটিক বিক্ৰী কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত, আৰক্ষীৰ তদন্তৰ পাছতহে হয়তো পোহৰলৈ আহিব ঘটনাৰ আচল কাহিনী!

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like