নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি ৰাস মহোৎসৱৰ মুখপত্ৰ কৃষ্ণামৃত উন্মোচন মৃণালিনী দেৱীৰ

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ শুৱালকুছি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ উদ্যোগত শুৱালকুছিৰ সেউজ বালিচৰত অনুষ্ঠিত ৰাস মহোৎসৱৰ মুখপত্ৰ “কৃষ্ণামৃত“ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী, অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ সভানেত্ৰী তথা বিশিষ্টা মহিলা মৃণালিনী দেৱীয়ে৷ উন্মোচনী ভাষণত বিশিষ্টা মহিলাগৰাকীয়ে গ্ৰন্থ অথবা স্মৃতিগ্ৰন্থই মানুহক জ্ঞানৰ আলোকৰে উজ্বালিত কৰে৷ গ্ৰন্থৰ জৰিয়তে মানৱ সভ্যতা প্ৰজন্মই প্ৰজন্মই চলি আহিছে ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে নতুন প্ৰজন্মই যাতে ভবিষ্যত দিনত নিজকে সু প্ৰতিষ্ঠিত কৰি জিকলি উঠে তাৰবাবে তেওঁ নতুন প্ৰজন্মক আহ্বান জনায় ৷ তেওঁ পুনৰ কয় যে পূজা পাৰ্বণ্যত প্ৰকাশিত স্মৃতিগ্ৰন্থ সমুহ সাহিত্যৰ বাবে এক আদৰ্শ৷ মননশীল সাহিত্যৰ সৃষ্টি এখন সমাজৰ জাতীয় দাপোন স্বৰূপ বুলি উল্লেখ কৰি তেওঁ কয় যে যি গ্ৰন্থই ভবিষ্যত প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰে সেই গ্ৰন্থ সমুহ সদায় আদৰণীয়৷ স্মৃতিগ্ৰন্থ এটা অনুস্হানৰ এখন দলিল৷ বৰ্তমান সময়ত এই স্মৃতিগ্ৰন্থ সমুহ ডিজিটেল কৰাৰ সময় আহি পৰিছে৷ কিয়নো আজিৰ প্ৰজন্মই কিতাপ পঢ়াৰ পৰিৱৰ্তে মবাইলতে সকলো চাব বিচাৰে৷ শেহতীয়া ভাৱে অসমীয়া ভাষাই দ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাত আমি প্ৰতিগৰাকী অসমীয়া আজি গৌৰাৱাম্বিত৷ ইয়াৰ লগে লগে আমাৰ দ্বায়িত্বও বাঢ়িল৷ অসমীয়া সকল আবেগিক হৈ থাকিলে নহব৷ প্ৰতিখন ঘৰৰ পৰাই অসমীয়া ভাষাটো সমৃদ্ধ কৰিব লাগিব ৷ পাপা, দাদি, মাম্মি, আনকল, আন্তি, আদি সলনি কৰি দেউতা, মাই, দাদা, খুৰা, আইতা আদি শিকাব লাগিব নিজৰ লৰা ছোৱালীক৷ আমি নিজকে আত্ম সমালোচনা কৰিব লাগিব৷ নিজৰ সন্তানক ৰামায়ণ, মহাভাৰত, পৰীৰ দেশৰ সাধু, জোনবাইৰ সাধু আদি শুনাব লাগিব৷ প্ৰাচীন প্ৰদ্ধতিলৈ সলনি কৰিব পাৰিলেহে আমাৰ ভাষাৰ গৌৰৱ বৃদ্ধি পাব৷ ভাষণত তেওঁ শ্ৰীকৃষ্ণৰ মোহনবাঁহীৰ কথা উল্লেখ কৰি কয় যে, শ্ৰীকৃষ্ণই মোহন বাঁহীটো শেষ সময়লৈকে বজাই আছিল নে বুলি উল্লেখ কৰি কয় যে, মোহন বাঁহীৰ সুৰ শুনি ৰাধাই কৃষ্ণৰ কোচতে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা কৃষ্ণই মোহন বাঁহী বজোৱা নাছিল৷ তেওঁ কয় যে মোহন বাঁহীৰ অবিহনে কৃষ্ণ বন্দনা অসম্ভৱ৷ শ্ৰীকৃষ্ণৰ মোহন বাঁহীৰ সুৰে সকলো জীৱ জন্তুকে মোহছান্ন কৰিছিল৷ আনকি শিলকো গলাব পাৰিছিল৷ আধ্যাত্মিকতাই ভাৰতবৰ্ষক বিশ্বগুৰু আসনত বহুৱাত আগবঢ়াই নিছে বুলি উল্লেখ কৰি তেওঁ এক মননশীল বক্তব্য দাঙি ধৰে৷ স্মৃতিগ্ৰন্থ উপ সমিতিৰ সভাপতি তথা শুৱালকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নিহাৰ ৰঞ্জন কলিতা সঞ্চালনাত অনুস্হিত “কৃষ্ণামৃত“ উন্মোচন অনুস্হানত বিশিষ্ট অতিথি হিচাৱে অংশ গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সু-বক্তা ড°দিগন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ সাহিত্য সংস্কৃতিৰ প্ৰভা, ধাৰা ভাৰতৰ কাৰখানাত সৃষ্টি নহয় বুলি উল্লেখ কৰি এই ধাৰা  সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হয়৷ আমি দুশ বছৰ ধৰি গোলামী খাটিলোঁ৷ গোলামীৰ তেজ আমাৰ প্ৰত্যকৰে দেহৰ ৰন্ধে ৰন্ধে সোমাই আছে৷ পাচ্চত্যৰ কথাত আমি ভোল যাওঁ৷ আমি কপিকুলৰ দৰে সকলো শুনি যাও আৰু চাই থাকো ৷ সদায় শিক্ষিত লোক সকল সাধাৰণ জনতাৰ পৰা বিচ্ছিন্ন হৈ থাকে ৷ ইংৰাজী ভাষাক আদৰ কৰে তেওঁলোকে৷ আজি ভাৰতবৰ্ষৰ কোনোবা এজন বক্তাই ভাষণ দিলে ভাৰতীয় মানুহে নুশুনে কিন্ত হাৰ্বাণৰ বক্তাই ভাষণ দিবলৈ আহিলে হাজাৰ হাজাৰ মানুহ গোটখাই ৷ দুশ বছৰীয়া বন্দীত্ব আমি আজিও পাহৰিব বিচৰা নাই৷ সমুদ্ৰৰ সীপাৰৰ লোক সকলে আধুনিক যুগৰ নাম দি ঈশ্বৰক গুচাই মানৱতাবাদৰ পূজা কৰিব বিচাৰিছিল৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে নৱ বৈষ্ণৱ যুগত অসমত বড়গীত, সত্ৰীয়া নৃত্য, ভাওনা আদিৰে ৰসনাভূতি সংশোধন কৰি আধ্যাত্মিক সেৱাৰ ৰূপ দিছিল৷ শংকৰদেৱৰ কীৰ্ত্তনত প্ৰথমতে কৃষ্ণ, দ্বিতীয়তে কৃষ্ণ আৰু তৃতীতে কৃষ্ণ আছিল। এই কথাবোৰ যেতিয়ালৈকে হূদয়াংগম কৰিব পৰা নাযাব তেতিয়ালৈকে সমুদ্ৰ সীপাৰৰ সাহিত্য প্ৰৱাহৰ দ্বাৰা প্ৰবাহিত হৈ মানুহ বান্দৰ হৈ থাকিব লাগিব৷ ভাষণত তেওঁ ৰাসলীলাৰ কথা উল্লেখ কৰি কয় যে, ৰাসৰ তাৎপৰ্য জানিব লাগিলে প্ৰথমতে কৃষ্ণ কোন, ৰাধা কোন আৰু গোপী সকল কোন এই বিষয়ে জানিব লাগিব৷ এচাম তথাকথিত প্ৰগতিশীল লোকে সমালোচনা কৰি কয় যে কৃষ্ণই ১৬ হাজাৰ গোপীনীৰ লগত ৰাসলীলা কৰিছিল৷ আচলতে গোপী সকল সাধাৰণ মহিলা নাছিল৷ ৰাধায়ো সাধাৰণ নাছিল৷ তেওঁলোক অসাধাৰণ আছিল৷ ১৬ হাজাৰ গোপীনীৰ লগত ১৬ হাজাৰ শ্ৰীকৃষ্ণ আছিল আৰু একে সময়তে ৰাধাৰ লগতো শ্ৰীকৃষ্ণ আছিল৷ এয়া আছিল শ্ৰীকৃষ্ণৰ মহিমা৷ তেওঁ কয় যে বাঁহী হল দিব্য প্ৰেমৰ প্ৰতীক আৰু ৰাধা কৃষ্ণৰ মিলন৷ ময়ুৰ আছিল বিজয়ৰ প্ৰতীক৷ সময় তাকৰীয়া হোৱা বাবে এই সন্দৰ্ভত সময় সুবিধা পালে পৰবৰ্তী সময়ত তেওঁ বহলাই বাখ্যা কৰিব বুলি অতি সুন্দৰ আৰু সময়োপযোগী বক্তব্যৰে নিজৰ ভাষণ সামৰে৷ অধ্যাপক অতুল চন্দ্ৰ দাসে আৰম্ভণিতে আতঁ ধৰা সভাত স্মৃতিগ্ৰন্থত লেখা লিখক সকলক সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ পূৰ্বে শিল্পী সকলে এটি সমবেত সংগীত পৰিৱেশন কৰে৷
প্ৰেৰক দিলীপ মেধি
You might also like