নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰত মুকলি হ’ব বহুচর্চিত বটদ্রৱা প্রকল্প

🔹 গুৰুজনাৰ জন্মস্থানত দৌল পূর্ণিমাৰ দিনা মুখ্যমন্ত্রীৰ ঘোষণা

বিশেষ বাৰ্তা, ১৬ মার্চ : ‘অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব বহুপ্রতীক্ষিত বটদ্রৱা প্রকল্প৷ বটদ্রৱা প্রকল্পই সামগ্রিকভাৱে অঞ্চলটোৰ ভৱিষ্য দর্শনৰ আধাৰত জাতীয় জীৱনৰ ভেটি সুৰক্ষিত কৰিব৷ বটদ্রৱা প্রকল্পই ধর্মীয় পর্যটনৰ এখন বহল দুৱাৰ মুকলি কৰিব৷ ইয়াৰ লগতে শীঘ্রে আকাশীগংগাৰ মথাউৰি নির্মাণৰ কামখিনিও সম্পন্ন হ’ব৷ গুৰুজনাৰ জন্মস্থান বটদ্রৱা এতিয়া সুৰক্ষিত৷’ – মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত দৌল পূর্ণিমাৰ গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱৰ পৱিত্র দিনটোত উপস্থিত থাকি এনেদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৰপেটা সত্রৰ দৌল উৎসৱৰ পৰা পোনে পোনে হেলিকপ্টাৰযোগে বটদ্রৱা থানত সেৱা ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ জাতীয় সাজ পৰিধান কৰি বটদ্রৱা থানৰ কীর্তনঘৰত সেৱা লৈ গোবিন্দ গোসাঁইৰ ওচৰত আশীর্বাদ গ্রহণ কৰে৷ পিছত ভকত–বৈষ্ণৱৰ লগত মত বিনিময় কৰি সকলোকে পৱিত্র দৌল উৎসৱ, ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয় যে বটদ্রৱা দৌল উৎসৱৰ ভকতিৰ অমিয়া ৰসত একাত্ম হোৱাৰ পৰিৱেশ দেখি মই অভিভূত হৈছোঁ৷ এয়া আমাৰ জাতীয় জীৱনৰ ঐতিহ্য৷ গুৰু শংকৰ অসমীয়া মহাজাতিৰ আদর্শনীয় ব্যক্তিত্ব৷ গুৰু শংকৰ সূর্যৰ দৰে মহাজ্যোতিষ্মান৷ জগত সভাত অসমীয়া জাতি বুলি পৰিচয় দিবলৈ আমাৰ শংকৰ–মাধৱৰ দৰে দুজনা মহান গুৰু আছে৷ মুখ্যমন্ত্রীৰ লগতে কেন্দ্রীয় ৰাজ্যিক বৈদেশিক পৰিক্রমা মন্ত্রী পৱিত্র মার্ঘেৰিটা, নগাঁৱৰ বিধায়ক ৰূপক শর্মা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, জিলা উপায়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহ, বিজেপি যুৱ মর্চাৰ নেত্রী দেৱাশ্রী বৰা আদি উপস্থিত থাকে৷ অস্থায়ী মণ্ডপত বটদ্রৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক গামোচা, চেলেং, ভাগৱত পুথি, প্রশস্তি–পত্র, শৰাইৰে সম্বর্ধনা জনোৱা হয়৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্র নাৰায়ণ দেৱ মহন্ত, উপ–সভাপতি অম্লানজ্যোতি দেৱগোস্বামী, কার্যকৰী সভাপতি প্রভাত কলিতা, সাধাৰণ সম্পাদক টিকেন্দ্রজিৎ দেৱগোস্বামী, কোষাধ্যক্ষ তপন দাস, সদস্য মাণিক বৰাই আঁত ধৰা অনুষ্ঠানটোত সদস্য কল্যাণ কলিতা, সহকাৰী সম্পাদক উপেন বায়নকে ধৰি থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ মুখ্যমন্ত্রীয়ে নিজৰ বক্তব্যত আৰু কয় যে শীঘ্রে নগাঁৱত অসম চৰকাৰৰ কেবিনেট বৈঠক হ’ব৷ কেবিনেট বৈঠকৰ পিছতে নগাঁৱৰ বাবে বহু ভাল খবৰো আহিব বুলি তেওঁ কয়৷ আনহাতে, দৌল পূর্ণিমাৰ দিনটোতে মুখ্যমন্ত্রীক কাষত পাই ভকত–বৈষ্ণৱ, আই-মাতৃ, ডেকা–গাভৰু সকলোৱে ছেল্ফি উঠিবলৈ হেতা–ওপৰা কৰাত উখল–মাখল পৰিৱেশৰ সৃষ্টি হয়৷ পিছত সাংবাদিকক সম্বোধন কৰি ড০ হিমন্ত বিশ্ব শর্মাই কয়- ‘ফাকুৱা উৎসৱৰ দিনকেইটাতে নহয়, গোটেই বছৰটো অসমৰ মানুহ এনেদৰে আনন্দত থাকক তাৰেই কামনা কৰিলোঁ৷ বটদ্রৱালৈ আহি গুৰুজনাৰ শ্রীচৰণত ভক্তিভৰা সেৱা আগবঢ়ালোঁ৷ অসমবাসীৰ মংগল কামনা কৰিলোঁ৷’

You might also like