নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল ৰেডিছন ব্লুত ভয়ংকৰ হত্যাকাণ্ড

🔹 প্ৰাক্তন প্ৰেমিকক মাতি আনি পঞ্চতাৰকাযুক্ত হোটেলত হত্যা

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : হোটেল ৰেডিছন ব্লুত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি যায় গুৱাহাটী মহানগৰীক। বহি:ৰাজ্যৰ পৰা নিজৰ প্ৰাক্তন প্ৰেমিকক মাতি আনি গুৱাহাটী মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত হত্যাকাণ্ড সংঘটিত কৰা ঘটনাই সকলোকে ভবাই তুলিছে। জানিব পৰা মতে, কলকাতাৰ এহাল যুৱক-যুৱতীয়ে মহাৰাষ্ট্ৰৰ সন্দীপ সুৰেশ কাম্বলী নামৰ যুৱকজনক গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিছন ব্লুত হত্যা কৰাৰ অভিযোগ উঠিছে। এই হত্যাকাণ্ড সংঘটিত কৰি কলকাতাৰ অঞ্জলি ছ’ আৰু বিকাশ কুমাৰ ছ’ই বিমানবন্দৰলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আজাৰাত আটক কৰিবলৈ সক্ষম হয়। প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ৰেডিছন ব্লুৰ নৱম মহলাৰ কোঠাত মহাৰাষ্ট্ৰৰ সন্দীপ সুৰেশ কাম্বলীক কলকাতাৰ যুৱক-যুৱতীহালে হত্যা কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত আৰক্ষী, ফৰেনছিক, চিআইডি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

You might also like