নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰ সাজিবলৈ ডেৰ কোটিৰ ভূমি দান মুছলমান পৰিয়ালৰ

🔹 নলবাৰীৰ মেছেৰ আলীৰ ৪ পুত্রৰ সমন্বয়ৰ নিদর্শন

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰী : নলবাৰীৰ ইছলাম ধর্মাৱলম্বী পৰিয়াল এটাই হিন্দু ধর্মাৱলম্বী লোকক মন্দিৰ নির্মাণ কৰিবলৈ প্রায় আঢ়ৈ কোটিটকীয়া এবিঘা ভূমি দান কৰি মহানুভৱতাৰ পৰিচয় দিছে৷ চহৰখনৰ মাজমজিয়াৰ ইছলাম চুপাৰ উচ্চ শিক্ষিত পৰিয়ালটোৱে দেখুৱাই দিলে মহানুভৱতাৰ নিদর্শন৷ গণেশ মন্দিৰ নির্মাণৰ বাবে পৰিয়ালটোৰ চাৰি ভাতৃয়ে আগবঢ়ালে এক বিঘা ভূমি৷ ইছলাম চুপা নিৱাসী মেছেৰ আলী মহাজনৰ সুযোগ্য চাৰি পুত্রই গণেশ মন্দিৰৰ বাবে  আনুষ্ঠানিকভাৱে আগবঢ়ালে এক বিঘা ভূমি৷ ভূমিডোখৰৰ দাম প্রায় আঢ়ৈ কোটি টকা৷ চহৰখনৰ প্রতিষ্ঠিত ব্যৱসায়ী মেছেৰ আলী মহাজনৰ পুত্র ক্রমে বন বিভাগৰ অৱসৰপ্রাপ্ত উচ্চপদস্থ বিষয়া মফিউল হুছেহন ওৰফে ৰোমি, প্রতিষ্ঠিত ব্যৱসায়ী মকিবুল হুছেহন ওৰফে দীপ, অসমৰ বন বিভাগৰ অৱসৰপ্রাপ্ত উচ্চপদস্থ বিষয়া মজিদুল হুছেইন ওৰফে তাজ আৰু এনফ’ৰ্চমেণ্ট অফিচাৰ মোজাম্মিল হুছেহন ওৰফে মুনে আনুষ্ঠানিকভাৱে কোটিটকীয়া ভূমিডোখৰ মন্দিৰ সমিতিক আগবঢ়োৱাৰ পিছত পৰহি গণেশ পূজাৰ দিনটোত পৰিয়ালটোৰ চাৰি ভাতৃক মন্দিৰ পৰিচালনা সমিতি আৰু শ্রীশ্রী গণেশ পূজা সমিতিয়ে আনুষ্ঠানিকভাৱে সম্বর্ধনা জনায় মন্দিৰ বাকৰিত৷ ইতিমধ্যে গণেশ মন্দিৰ চ’কত স্থাপিত শ্রীশ্রী শিৱ গণেশ শান্তিধাম চৌহদৰ এটা দিশৰ বাউণ্ডেৰী ৱালো নির্মাণ কৰি দিছে চাৰি ভাতৃয়ে৷ নলবাৰী চহৰৰ এই চাৰি ভাতৃৰ ককাদেউতা গফুৰ আলী মহাজন আৰু পিতৃ মেছেৰ আলী মহাজনৰ আদর্শ আৰু কর্মৰাজিৰে উদ্বুদ্ধ পৰিয়ালটোৰ এই কাম–কাজ আৰু চিন্তা–চেতনাক নলবাৰী জিলাৰ ৰাইজে উচ্চ প্রশংসা কৰিছে৷

প্ৰেৰক শ্বাহ আলম
You might also like