🔹 ১৩০০ একৰ ভূমি নাগালেণ্ডৰ বুলি দাবী
নিয়মীয়া বার্তা, মেৰাপানী, ২০ এপ্রিল : অসমৰ ভৌগোলিক মানচিত্রৰ ভিতৰৰ মেৰাপানী ছীডফার্ম নাগালেণ্ডৰ বুলি পুনৰ দাবী কৰিছে নাগালেণ্ড চৰকাৰে৷ নাগালেণ্ডৰ এজন বিধায়ক আৰু নগা প্রশাসনৰ এটা সঁজাতী দলে মেৰাপানীৰ ভেলৌগুৰিস্থিত ছীডফার্ম পৰিদর্শন কৰি এই দাবী উত্থাপন কৰিছে৷ জানিব পৰা মতে, ৰাজ্যবাসীয়ে ৰঙালী বিহুৰ আনন্দ–উল্লাসত মতলীয়া হৈ থকাৰ সময়তে যোৱা ১৬ এপ্রিলত নাগালেণ্ড বিধানসভাৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম্বেম’ কিকনৰ নেতৃত্বত সপ্তম নগা আৰক্ষীৰ শীর্ষ বিষয়া, ল’থা ল’ৱাৰ ৰেঞ্জ পাব্লিক অর্গেনাইজেচন, ল’থা ল’ৱাৰ ৰেঞ্জ ষ্টুডেণ্ট ইউনিয়ন আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে অসমৰ ছীডফার্মৰ ভূমিত সংগোপনে উপস্থিত হৈ ছীডফার্মৰ ১৩০০ একৰ ভূমি সম্পূর্ণৰূপে নাগালেণ্ডৰ বুলি দাবী কৰি কোনো কাৰণতে ছীডফার্মৰ এক ইঞ্চি ভূমিও অসমক এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ সমান্তৰালভাৱে নাগালেণ্ডৰ প্রতিনিধি দলটোৱে ছীডফার্মত চাৰিওফালে ফেঞ্চিঙৰ ব্যৱস্থা কৰি অসমৰ কৃষকক আবণ্টন দিয়া ভূমি অথবা সকলো নথি–পত্র বাতিল কৰাৰ বাবে নাগালেণ্ডৰ কৃষি বিভাগক নির্দেশনা জাৰি কৰিছে৷ এই ঘটনাৰ পিছতে কালি কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ ভৌগোলিক মানচিত্রৰ ভিতৰত থকা ছীডফার্মৰ ভূমি কোনো কাৰণতে নাগালেণ্ডক এৰি দিয়া নহ’ব৷ ছীডফার্মৰ ভূমিত নগাৰ কার্যকলাপ অবৈধ বুলি খোদ গোলাঘাট জিলা প্রশাসনৰ মেৰাপানীৰ সীমান্ত দণ্ডাধীশগৰাকীয়ে ১০ এপ্রিলত হোৱা প্রতিবাদী কার্যসূচীত ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত ৰাইজে ইয়াক উচ্ছেদ কৰাৰ সাত দিনৰ সময়সীমা বান্ধি দিছিল যদিও আজিপর্যন্ত অসম প্রশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰাত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্রাম সমিতি৷ এইক্ষেত্রত অচিৰেই বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ৰাইজৰ সহযোগত পুনৰ জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে বিদ্যুৎ শহকীয়াই৷