নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰা হ’ব নগাঁও কেন্দ্ৰীয়-বিশেষ কাৰাগাৰ 

বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰ দুখনক চহৰখনৰ পৰা বাহিৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। নগাঁও কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰ স্থানান্তৰৰ সন্দৰ্ভত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৰা চিহ্নিত প্ৰশ্ন নম্বৰ ২৩৬মৰ্মে বিধানসভাত ৰাজ্যৰ গৃহ (কাৰাগাৰ) দপ্তৰৰ মন্ত্ৰী ৰূপেশ গুৱালাই দিয়া উত্তৰত এই কথা প্ৰকাশ পাইছে। বিধায়ক ৰূপক শৰ্মাৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী গোৱালাই কয় যে, নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰ দুখন চহৰ খনৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিভাগীয় মন্ত্ৰী জনে প্ৰশ্নোত্তৰত লগতে আৰু কয় যে, নগাঁও কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰ নগাঁও জিলাৰ শিঙিয়া পোতনি মৌজাৰ পোতনি গোমোঠা গাঁও কিছামৰ ৬৪, ৬৬, ৬৭ আৰু ৩৩২ নম্বৰ দাগৰ মুঠ এশ বিঘা মাটি সামৰি স্থানান্তৰৰ জৰিয়তে নতুন কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা (গৃহ) বিভাগলৈ প্ৰকল্প প্ৰতিবেদনৰ বিশদ বিৱৰণ বিবৰণ (ডি পি আৰ) বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। সংশ্লিষ্ট বিভাগৰ পৰা ডি পি আৰ লাভ কৰাৰ পাছত বিভাগীয় নীতি নিৰ্দেশনা অনুযায়ী পৰ্যায়ক্ৰমে নিৰ্মাণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

প্ৰেৰক কনক হাজৰিকা

You might also like