🔹 বন্যপ্রাণীৰ বিচৰণভূমিত দিনে–নিশাই গছ কাটি তহিলং
নিয়মীয়া বার্তা, ভেৰগাঁও, ১৮ ফেব্রুৱাৰী : ওদালগুৰি জিলাৰ ভূটান সীমান্তৱর্তী প্রাকৃতিক মনোমোহা অঞ্চল তথা ধনশিৰি বন সংমণ্ডলৰ অধীনৰ বিভিন্ন মূল্যৱান গছ–গছনি আৰু বিভিন্ন বন্য জীৱ–জন্তুৰ বিচৰণভূমি হৈছে ননৈ অভয়াৰণ্য৷ এই বনভূমিত দিনকদিনে এটা দুষ্টচক্রই মূল্যৱান গছ–গছনি কটাৰ লগতে দুষ্প্রাপ্য জীৱ–জন্তু হত্যা কৰি আহিছে৷ এই ননৈ অভয়াৰণ্যত অবাধে দিনে–নিশাই গছ কটা আৰু জীৱ–জন্তু নিধন কৰাৰ পিছতো ৰেঞ্জাৰগৰাকীয়ে নজনাটো অতি ৰহস্যজনক হিচাপে চর্চিত হৈছে৷ ডিমাকুছি বড়ো ছাত্র সন্থাই এই ননৈ অভয়াৰণ্যত অবাধে গছ ধ্বংস আৰু জীৱ–জন্তু নিধন কৰাৰ কথা ইয়াৰ ৰেঞ্জাৰগৰাকীক বহুবাৰ অৱগত কৰে যদিও কোনো বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ দিনৰ ভাগতে জংগলৰ ভিতৰত সোমাই গছ কটা মেচিনৰ বৃহৎ শব্দ শুনিও কিয় নুশুনাৰ ভাও লয়, সেই লৈ প্রশ্ণ উত্থাপন হৈছে৷ বনভূমি সংকুচিত হোৱাৰ বাবে য’ত দৈনিক হাতী–মানুহৰ সংঘাতৰ ঘটনা বৃদ্ধি পাই আহিছে, তেনে সময়ত চোৰাং কাঠকটীয়াই অবাধে গছ কাটি তহিলং কৰাটো ৰাইজৰ বাবে চিন্তনীয় আৰু বিচার্যৰ বিষয় হৈ পৰিছে৷ ৰাইজৰ প্রশ্ণ– ননৈ ৰেঞ্জত থকা বন সুৰক্ষাকর্মীসকলে আচলতে কি কৰে? উল্লেখ্য যে ননৈ অভয়াৰণ্যৰ দুয়োকাষে এছএছবিৰ শিবিৰ আছে৷ এইক্ষেত্রত নিজৰ ব্যক্তিগত মুনাফাৰ কথা বাদ দি পৰিৱেশ ৰক্ষা কৰাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে এবছুৱে৷ সময় থাকোঁতে যি অলপ গছ–গছনি আছে, জীৱকুলক ৰক্ষণাবেক্ষণ দি পৰিৱেশ ৰক্ষা কৰাত গুৰুত্ব দিবলৈ মতপোষণ কৰিছে ডিমাকুছি এবছুৱে৷ ননৈ ৰেঞ্জৰ ৰেঞ্জাৰগৰাকীয়ে শীঘ্রে কোনো ব্যৱস্থা গ্রহণ নকৰিলে ডিমাকুছি এবছুৱে নিজাববীয়াকৈ বিহিত ব্যৱস্থা ল’ব বুলিও হুংকাৰ দিছে৷