🔹 ডিব্ৰুগড়ত নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা
বিশেষ বাৰ্তা, ২২ মাৰ্চ : ৰাজ্যৰ ১৪খন আসনেই এন ডি এ মিত্ৰজোঁটৰ দখলত থাকিব। দুটা সমষ্টিত অগপ, এটা ইউ পি পি এল আৰু আন ১১টা সমষ্টি দখল কৰিব বিজেপিয়ে।- আজি ডিব্ৰুগড়ত অনুষ্ঠিত অগপৰ নিৰ্বাচনী সভাত এই দাবী কৰিছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ১০টা বিধানসভা সমষ্টিৰ অগপৰ জিলা সমিতি, বিধান পৰিষদ আৰু বিভিন্ন বিষয়বাবত থকা নেতা-কৰ্মীসকলক লৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত মন্ত্ৰী অতুল বৰাই কয়- ২০২৩ৰ এপ্ৰিল মাহত কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰস্তুতি চলাইছিলোঁ। আমি এইবাৰ ২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছোঁ। কিন্তু এতিয়া আমাৰ মিত্ৰদলৰ প্ৰাৰ্থীসকলক সহায় কৰিব লাগিব। যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিবলৈ আহ্বান জনোৱা হৈছে। সৰ্বানন্দ সোণোৱালৰ বাবে ডিব্ৰুগড়ত কোনোধৰণৰ প্ৰত্যাহ্বান নাই বুলি দাবী কৰি অগপৰ সভাপতি অতুল বৰাই আৰু কয়- সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাটো নিশ্চিত হৈছে। কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল। প্ৰথম অৱস্থাত ৪০টা ৰাজনৈতিক দল থকা বুলি কৈ পৰৱৰ্তী সময়ত ১৭-১৮টা দল থকা বুলি কৈছিল। এতিয়া কিমানটা দল আছে অসমৰ মানুহে নাজানে। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে। এই প্ৰাৰ্থীজন কোনো প্ৰত্যাহ্বান হ’ব নোৱাৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নাম উল্লেখ নকৰাকৈ সমালোচনা কৰি মন্ত্ৰী বৰাই কয়- কিছুমান মানুহৰ মুখত জাতীয়তাবাদ-আঞ্চলিকতাবাদ শোভা নাপায়। আজি অসম গণ পৰিষদ কিয় জন্ম হ’বলগীয়া হ’ল? কংগ্ৰেছে বিদেশী আনিলে। আন্দোলনত অংশ লোৱা ৮৫৫জন শ্বহীদ হ’ল। সেই কংগ্ৰেছৰ লগতেই থাকি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয় তেতিয়া মানুহে বিশ্বাস নকৰে। আমি বিকাশৰ ৰাজনীতিত বিশ্বাস কৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসম তথা উত্তৰ-পূবৰ মানুহৰ ধ্যান ধাৰণা সলনি হৈছে। পূৰ্বতে মাহীআইৰ দৃষ্টিৰে চোৱা বুলি কৈছিল। কিন্তু এতিয়া তেনে পৰিৱেশ অসমত আৰু নাই। ডিব্ৰুগড় চহৰৰ চৌকিডিঙীত অৱস্থিত অগপৰ জিলা কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয়- ডিব্ৰুগড়ত বিপুল ভোটত বিজয়ী হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। বৰপেটাত অগপৰ ফলাফল আশা কৰা মতে হ’ব। ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত প্ৰথমখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ধুবুৰীত আমি দ্বিতীয় স্থানত আছিলোঁ। প্ৰথম স্থানত পাবলৈ যথেষ্ট সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা হৈছে। এইবাৰ ধুবুৰী সমষ্টি দখল কৰাৰ আশা কৰিছোঁ।
প্ৰেৰক বিভাস দুৱৰা