নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বিদ্যালয়তহে হ’ব ৫ মে’ৰ নীট পৰীক্ষা, মেডিকেল প্রৱেশ পৰীক্ষাক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ মেডিকেল প্রৱেশ পৰীক্ষাক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এইবছৰৰ পৰা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব নীট পৰীক্ষা৷  ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত নীট পৰীক্ষা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে৷ এই পৰীক্ষাৰ অসম চৰকাৰৰ সৈতে সম্পর্ক কম৷ এডিআৰইৰ দৰে কঠোৰ ব্যৱস্থাও এই পৰীক্ষাত নাথাকে৷ শেহতীয়াভাৱে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ লগত হোৱা আলোচনাকালত চৰকাৰী বিদ্যালয়ত নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সেই অনুসৰি এইবছৰ অহা ৫ মে’ত হ’বলগীয়া নীট পৰীক্ষা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ জিলা আয়ুক্ত–আৰক্ষী অধীক্ষকে পৰীক্ষা কেন্দ্রসমূহত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব৷ পৰীক্ষার্থীসকলক আধাৰ, বায়’মেট্রিক চেকিং কৰিব যাতে এই পৰীক্ষাত কেৱল মেধাৰ প্রতিনিধিত্ব হয়, ছাত্র–ছাত্রীসকলে ন্যায় লাভ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে এতিয়াৰে পৰা এডিআৰইৰ দৰে স্বাস্থ্য, শিক্ষা বিভাগৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রতো অ’এমআৰ, এনছাৰ কী আদি পৰীক্ষার্থীসকলক যোগান ধৰা হ’ব৷ প্রতিটো ক্ষেত্রতে স্বচ্ছ, নিকা, সমাহিত কৰা হ’ব৷

You might also like