ধেমাজিত নতুন উপায়ুক্ত হিচাপে পল্লৱী ফুকনৰ যোগদান
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী: অসম অসামৰিক সেৱাৰ জেষ্ঠ বিষয়া পল্লৱী ফুকনে কালি ধেমাজিৰ নতুন উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ১৯৯২ বৰ্ষৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে অসম সচিবালয়ত ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে অসম চৰকাৰে যোৱা ২৭ জানুৱাৰীৰ দিনা এক নিৰ্দেশ যোগে উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যক দিছপুৰৰ অসম সচিবালয়ত গৃহ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰি তেওঁৰ স্থানত পল্লবী ফুকনক স্থলাভিষিক্ত কৰিছিল। যোৱা দেওবাৰে সন্ধিয়া ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্দ্ধনা গ্ৰহণ কৰি জিলাখনত কাম কৰাৰ অভিজ্ঞতাক জীৱনৰ এক অনন্য অনুভৱ বুলি মত প্ৰকাশ কৰে। তেখেতৰ সহকৰ্মী বিষয়া সকলে ধেমাজি অফিচাৰ্ছ ক্লাবত এই উপলক্ষ্যে আয়োজন কৰা এটি অনুষ্ঠানত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি দিয়া চমু ভাষণত তেওঁৰ প্ৰায় ১০ মহীয়া কাৰ্যকালত আগবঢ়োৱা সহায়-সহযোগৰ বাবে তেওঁ সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। ভট্টাচাৰ্যই কয় যে, প্ৰতিটো কামেই এটা ঐক্যবদ্ধ দলীয় চেতনাৰে সফলতাৰে সম্পন্ন কৰিবলৈ পোৱাটো তেওঁৰ বাবে আছিল মহৎ উপলদ্ধি। তেওঁৰ চাকৰি জীৱনৰ আৰম্ভনিও ধেমাজি জিলাৰ জোনাইত হৈছিল বুলি জানিবলৈ দিয়ে। ভাৰপ্ৰাপ্ত উপায়ুক্ত যাদৱ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, সহকাৰী আয়ুক্ত ট্ৰিলিনা টাইড, খণ্ড উন্নয়ন বিষয়া নবীন কামান প্ৰমুখ্যে বিষয়া সকলে দিয়া চমু ভাষণত বিদায়ী উপায়ুক্ত গৰাকীক এগৰাকী অতি সহজ-সৰল, নম্ৰ-ভদ্ৰ অথচ দক্ষ বিষয়া বুলি অভিহিত কৰে।
প্ৰেৰক কৰবী দলে