নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি-সাংগঠনিক সম্পাদকক গৃহ জিলাত বিপুল আদৰণি

🔹 মৰিগাঁৱত ৰাজহুৱাকৈ দাখিল কৰিলে আছুৰ অধিৱেশনৰ হিচাপ

বাৰ্তা বুৰো, ৭ জানুৱাৰী : আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ আতিথ্যত ঐতিহাসিক মৰিগাঁও গান্ধী ভৱন প্ৰাংগণত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে আসন অলংকৃত কৰা মৰিগাঁও জিলাৰ  সন্তান উৎপল শৰ্মা আৰু সাংগঠনিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা ৰূপজ্যোতি মেধিক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ সকলো নেতৃস্থানীয় সংগঠন, সংঘ সকলোৱে বিপুলভাৱে আদৰণি জনায় ৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যােতি চৌধুৰীয়ে আঁত ধৰা আজিৰ আদৰণী অনুষ্ঠানত জিলা ছাত্ৰ সন্থা, সদৰ ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি, জিলা উন্নতি সভা, অসম সেনা, জিলাখনৰ সকলো আঞ্চলিক ছাত্ৰ সন্থা, লেখিকা সমাৰোহ, প্ৰগতিশীল নাৰী সন্থা, সেউজ তৰা সংঘ, ব্ৰাহ্মণ সমাজ, শোভাযাত্ৰা উপ-সমিতি, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সমিতি, বাবা মহেশ ধাম, মৰিগাঁও জিলা পৰিবহণ সন্থা, জিলা মুক্তিযুঁজাৰু সতি-সন্ততি সমিতি, পছতীয়া যুৱ সমাজকে আদি কৰি প্ৰায় দুকুৰি সংগঠনে শৰাই-গামোচা-জাপি-স্মাৰকেৰে নৱনিৰ্বাচিত সভাপতি উৎপল শৰ্মা আৰু নৱনিৰ্বাচিত সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিক বিশেষভাৱে আদৰণি জনায় । আছুৰ সভাপতি উৎপল শৰ্মাই শুভেচ্ছামূলক বক্তব্য ৰাখি আছুৰ অধিৱেশনত জিলাবাসী ৰাইজ-আদৰণী সমিতিয়ে কৰা পৰিশ্ৰম-কষ্টৰ বাবে সকলোকে কৃতজ্ঞতা জনায় ৷ জিলাবাসী ৰাইজৰ অভিভাৱকত্ব-আশীৰ্বাদ কামনা কৰি আগন্তুক দিনত সকলো ক্ষেত্ৰতে তেওঁৰ কৰ্মত দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনায়। যিদৰে ৰাইজে আজি আদৰণি জনাইছে, ঠিক সেইদৰে কেতিয়াবা অজানিতে ভুল কৰিলে নিজৰ সন্তানৰ দৰে ভুলটো আঙুলিয়াই যেন শুধৰাই দিয়ে ৷ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয়- এয়া ৰাইজৰ আশীৰ্বাদৰ ফল, প্ৰতিনিয়ত ৰাইজৰ ওচৰত দায়বদ্ধতাৰে সংগঠনৰ কৰ্ম কৰি যাম ৷ আনহাতে, অধিৱেশনৰ আদৰণী সমিতি গঠনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰাখি অধিৱেশনৰ সকলো হিচাপ আজি ৰাজহুৱাকৈ দাখিল কৰে আছুৰ সভাপতি তথা আদৰণী সমিতিৰ সম্পাদক উৎপল শৰ্মাই ৷ মুঠ এক কোটি আশী লাখ টকাৰ বাজেট ধাৰ্য কৰিছিল আদৰণী সমিতিয়ে। পৰৱৰ্তী সময়ত যথেষ্ট মিতব্যয়িতাৰে আগ বাঢ়ে আদৰণী সমিতি। আছুৰ কেন্দ্ৰীয় সমিতি, বিভিন্ন জিলা ছাত্ৰ সন্থা আৰু শুভাকাংক্ষীয়ে বহন কৰিলে মূল মণ্ডপ, প্ৰতিনিধি সভাৰ মণ্ডপ, পাঁচ সাঁজকৈ ভাত আৰু এনিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ খৰচ। আদৰণী সমিতিয়ে সংগ্ৰহ কৰা ধনৰ পৰিমাণ ৫৬,৬২,১০০ টকা। আদৰণী সমিতিৰ মুঠ খৰচ ৮১,৬২,১১৪ টকা। ধাৰ হিচাপে আছে ২৫,০০১৪ টকা। ৰাজহুৱা সভাত দাখিলৰ পূৰ্বে কৰ্ণধাৰ সমিতিৰ সভাত তন্নতন্নকৈ ৰছিদ জমা দি অনুমোদন লোৱা হয় হিচাপৰ।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like