🔹 কলিয়াবৰত নিশা হ’লেই দুৰ্বৃত্তৰ সন্ত্ৰাস
বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : কলিয়াবৰ মহকুমাৰ চামগুৰি থানা এলেকাধীন ৩৭নং চাৰিলেনযুক্ত পথত পুনৰ নিশা অঘটন সংঘটিত হয় । আঠমঙলা খাই ওভতাৰ পথত বাহন আগচি যাত্ৰীক ৰডেৰে প্ৰহাৰ কৰাৰ লগতে মহিলাৰ অলংকাৰ কাঢ়ি নিয়াৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলে। দুদিন পূৰ্বে উক্ত এলেকাৰ পৰা এখন বাহন অপহৰণ কৰাৰ পাছত পুনৰ এনে ঘটনাই স্তম্ভিত কৰিছে জনতাক । AS-05 R-2555 নম্বৰৰ ইন’ভা বাহনেৰে গুৱাহাটীত আঠমঙলা খাই সৰুপথাৰলৈ বুলি আহি আছিল নৱবিবাহিত দম্পতীসহ পাঁচজনীয়া দলটো। কলিয়াবৰ মহকুমাৰ মিছা পোৱাৰ আগে আগে AS-02 AL-6656 নম্বৰৰ বেলেন’ বাহনখনে আগভেটি ধৰে সৰুপথাৰ অভিমুখী ইন’ভা বাহনখনক । হঠাতে বাহনখনে আগভেটি ধৰাত ইন’ভাখনে নিয়ন্ত্ৰণ হেৰুৱাই বেলেন’খনত সামান্য খুন্দা মাৰে । তাৰ পাছতেই বাহনৰ পৰা ৰড উলিয়াই ইন’ভা বাহনত থকা তিনিজনক প্ৰহাৰ কৰাৰ লগতে দুৰ্বৃত্তৰ বাহনখনত উঠাই লৈ যোৱাৰ চেষ্টা কৰে । মহিলাগৰাকীৰ অলংকাৰ নিবৰ বাবে গাত হাত দিয়াৰ চেষ্টা কৰোঁতেই স্থানীয় লোক ওলাই অহাৰ লগে লগে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আহতকেইজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে উক্ত এলেকাৰ পৰা নিশা এখন তামোলভৰ্তি বলেৰ’ বাহন হাইজেক কৰি লৈ যায় দুৰ্বৃত্তৰ দলে । এয়াই শেষ নহয় । ইয়াৰ পূৰ্বে কেইবাখনো গৰুভৰ্তি বাহন উক্ত এলেকাৰ পৰাই হাইজেক কৰি লৈ গৈছিল । কিন্তু এই ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ থকা দেখা গৈছে। বিশেষকৈ নিশাৰ ভাগত চামগুৰি, মিছা আৰু কলিয়াবৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ধন সংগ্ৰহত ব্যস্ত থকাৰহে অভিযোগ দীৰ্ঘদিনীয়া ।
প্ৰেৰক কনক হাজৰিকা