🔹 শাৰদীয় বতৰা লৈ সংগোপনে আহিছে শৰৎ
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : শুভ্রতাই আৱৰি ধৰিছে লুইতৰ ৰূপোৱালী চাপৰিবোৰ৷ কিছুদিন পূর্বলৈকে ছন পৰি থকা পলসুৱা চাপৰিবোৰ এতিয়া শুভ্রতাৰ আলোকজ্জ্বল আৱৰণেৰে দৃষ্টিনন্দন৷ ঠিক যেন কোনোবা অভ্যাগতক আদৰণি জনাবলৈ গৃহস্থই যতনাই পাৰি থোৱা চাদৰখনৰ দৰেই৷ বিগত কিছুদিন ধৰি বর্ষাসিক্ত হৈ পৰিছে নীলাভ আকাশখন৷ বৰষুণৰ টোপালবোৰে শুভ্রতাৰ আৱৰণখন বৃদ্ধি হোৱাত ইন্ধন যোগাইছে৷ এয়াই শৰৎ৷ শাৰদীয় বতৰৰ আগমনৰ বতৰা৷ লুইতৰ পাৰৰ শুভ্রময় আৱৰণখনে সংগোপনে কঢ়িয়াই আনিছে এই সুখৰ বতৰা৷ সনাতনী হিন্দু ধর্মাৱলম্বীসকলৰ আধ্যাত্মিকতাৰ গুৰুত্বপূর্ণ সময় শাৰদীয় বতৰ৷ শাৰদীয় দুর্গোৎসৱৰ এয়া সময়৷ মহিষাসুৰৰ দৰে অপশক্তিক বধ কৰি অধর্মৰ ওপৰত ধর্মৰ আধ্যাত্মিকতাৰ শক্তিৰ বিজয় উৎসৱৰ সূচনা কৰিছিল দেৱী দুর্গাই৷ প্রত্যেক বছৰে অসমৰ ধর্মাৱলম্বী ৰাইজৰ বাবে এক সুখপ্রদ সময়ত পৰিণত হৈ আহিছে শাৰদীয় বতৰ৷ বছৰজোৰা দীর্ঘ প্রতীক্ষাৰ অন্তত অহা শাৰদীয় দুর্গোৎসৱলৈ মাজতে মাথোঁ ২৫টা দিন৷ ৰাজ্যজুৰি ধর্মাৱলম্বী ৰাইজ ব্যস্ত হৈ পৰিছে মহিষমর্দিনী দেৱী দুর্গাক আদৰিবলৈ৷ তীব্রগতিত নহ’লেও অলপ অলপকৈ ৰাইজে আৰম্ভ কৰিছে দুর্গোৎসৱৰ প্রস্তুতি৷ মূল্যবৃদ্ধি, কৰ–কাটলে ৰাইজক আর্থিকভাৱে বিপর্যস্ত কৰি তুলিছে৷ অর্থনৈতিকভাৱে জুৰুলা ৰাইজে নিজৰ খৰচ কমাবলৈ উপায় বিচাৰি পোৱা নাই৷ কিন্তু মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাৰ পৰা এতিয়াও নিস্তাৰ পোৱা নাই ৰাজ্যৰ মধ্যবিত্ত শ্রেণীটোৱে৷ উৎসৱ–পার্বণ মানেই খৰচৰ বিড়ম্বনা৷ কিন্তু এই বিড়ম্বনাক সহ্য কৰি হ’লেও ৰাইজ শাৰদীয় দুর্গোৎসৱক লৈ উৎসাহিত৷ অসমীয়াৰ বুকুৰ আপোন হেঁপাহৰ ব’হাগ বিহু, মাঘ বিহুৰ পাছতে শাৰদীয় দুর্গোৎসৱ৷ অহা ১৪ অক্টোবৰত শাৰদীয় দুর্গোৎসৱৰ প্রথমটো ধর্মীয় কার্যসূচী মহালয়া হ’ব৷ তাৰ পাছতে ২০ অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব শাৰদীয় দুর্গোৎসৱ৷ ২৪ অক্টোবৰলৈকে পাঁচদিনজুৰি ৰাইজে সেৱা জনাব দেৱী দুর্গাক৷ অর্থনৈতিক সমস্যাৰ পৰা নিস্তাৰ বিচাৰি দেৱীক প্রার্থনা জনাব মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজে৷ প্রতিবাৰে দেৱীৰ আগমন–গমনে ৰাইজক বিভিন্ন ধৰণে প্রভাৱান্বিত কৰে বুলি এক জনবিশ্বাস অতীতৰে পৰা চলি আহিছে৷ জনবিশ্বাস মতে, দেৱীৰ আগমন–গমনে ৰাজ্যৰ পৰৱর্তী ভৱিষ্যতৰ ফলাফল সূচনা কৰে৷ এইবাৰো তাৰ ব্যতিক্রম নহয়৷ দৈৱজ্ঞৰ ভৱিষ্যদ্বাণী অনুসৰি এইবাৰ দেৱী দুর্গাৰ আগমন আৰু গমন দুয়োটাই হ’ব ঘোঁৰাত৷ ইয়াৰ ফলাফল ছত্রভংগ অর্থাৎ ভাঙি–ছিঙি আহি সকলো একেদৰেই থৈ দেৱী ধৰাৰ পৰা সৰগলৈ গমন কৰিব বুলি দৈৱজ্ঞই উল্লেখ কৰিছে৷ দৈৱজ্ঞৰ মতে, দেৱীৰ আগমন আৰু গমন দুয়োটাই ৰাজ্যবাসীৰ বাবে এইবাৰ ভাল বতৰা হয়তো নকঢ়িয়াব৷ কিন্তু ফলাফল যিয়েই নহওক, দেৱী দুর্গাৰ আগমনক লৈ ৰাজ্যত এতিয়া চৌদিশে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে৷ বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা আৰম্ভ কৰি ক্ষুদ্র ব্যৱসায়ীলৈকে সকলো ব্যস্ত শাৰদীয় দুর্গোৎসৱৰ সময়ত লাভ কৰিবলগীয়া লাভালাভৰ অংকক লৈ৷ ক’ভিড পৰিস্থিতিৰ পূর্বলৈকে শাৰদীয় দুর্গোৎসৱ মানে এমাহ ধৰি কেৱল ধনৰ আগমন আছিল৷ কাপোৰৰ ব্যৱসায়ৰ পৰা পুতলা, খাদ্য সামগ্রী সকলো ব্যৱসায়ীৰ বাবে আকর্ষণৰ সময় আছিল শৰৎ৷ কিন্তু ক’ভিডৰ পাছৰে পৰা এই দৃশ্যপট সলনি হৈছে৷ ক’ভিডে ৰাজ্যৰ অর্থনীতিক বহু পৰিমাণে বিধ্বস্ত কৰি তোলাৰ পাছত আর্থিকভাৱে জুৰুলা হৈ পৰিছে সর্বসাধাৰণ৷ ধনিক শ্রেণীৰ ওপৰত বিশেষ প্রভাৱ নপৰিলেও মধ্যবিত্ত সমাজখন ক’ভিডৰ পাছৰে পৰা হৈ পৰিছে সর্বাধিক বিধ্বস্ত৷ আর্থিক সমস্যাই ভাৰাক্রান্ত কৰিলেও দুর্গোৎসৱক অতি আদৰেৰে পালন কৰি আহিছে ৰাজ্যবাসীয়ে৷ শাৰদীয় সময়ৰ আনন্দ পূর্বতকৈ কমিছে যদিও ম্লান হোৱা নাই ৰাইজৰ উছাহ৷ সময়ৰ পৰিৱর্তনৰ লগে লগে ৰাইজৰ অর্থনৈতিক অৱস্থা কিছু উন্নত হৈছে যদিও উন্নততৰ অৱস্থা পাবলৈকে আৰু অলপ সময় হয়তো লাগিব৷ শাৰদীয় দুর্গোৎসৱৰ সময়ত পূর্বতকৈ কিছু লাভ অর্জনৰ আশাৰে এতিয়াও আশাবাদী ৰাজ্যৰ ব্যৱসায়িক মহল৷ দুর্গাপূজাৰ সময়ৰ বজাৰখনৰ প্রতি লক্ষ্য ৰাখি বহিঃৰাজ্যৰ পৰা নিতৌ অসমলৈ আহিছে বিভিন্ন ডিজাইনৰ সাজপাৰ৷ একেদৰে সুস্বাদু খাদ্য যোগানৰ বাবেও প্রস্তুতি চলাইছে বিভিন্ন হোটেল–ৰেস্তোৰাঁই৷ অৱশ্যে এতিয়াও কিছু সময় আছে৷ একেদৰে শাৰদীয় দুর্গোৎসৱৰ কেইদিন ৰাইজক চমক দিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই বিভিন্ন দুর্গাপূজা উদযাপন সমিতিয়ে৷ অলপ অলপকৈ শাৰদীয় দুর্গোৎসৱৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে বিভিন্ন পূজা সমিতিয়ে৷ একেদৰে দেৱী দুর্গাৰ মৃণ্ময় মূর্তি নির্মাণৰ প্রস্তুতিত পূর্ণোদ্যমে জড়িত হৈ পৰিছে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ মূর্তি নির্মাণ কৰা প্রতিষ্ঠানসমূহে৷ মূল্যবৃদ্ধিয়ে মৃণ্ময় মূর্তি নির্মাতাসকলকো এইবাৰ জোকাৰি গৈছে৷ একাংশৰ মতে, বর্ধিত কৰ–কাটলৰ বাবে পূর্বৰ তুলনাত এইবাৰ বৃদ্ধি হৈছে দেৱী দুর্গাৰ প্রতিমাৰ দাম৷ অসমত দেৱীৰ আ–অলংকাৰ পোৱা নাযায় বাবেই চুবুৰীয়া পশ্চিমবংগৰ কলকাতাৰ পৰা দেৱী প্রতিমাৰ সকলো আ–অলংকাৰ ক্রয় কৰিবলগীয়া হয়৷ এইবাৰ মূল উৎপত্তিস্থলীতে আ–অলংকাৰৰ দাম বৃদ্ধি হোৱা বাবে দেৱী প্রতিমাৰ দামো কিছু বঢ়াবলগীয়া হৈছে বুলি একাংশ ব্যৱসায়ীয়ে মন্তব্য কৰিছে৷ যিয়েই নহওক, মূল্যবৃদ্ধিয়ে সর্বক্ষেত্রতে আনকি শাৰদীয় উৎসৱ উপভোগ কৰাৰ ক্ষেত্রতো ৰাইজক সমস্যাত পেলাইছে ঠিকেই, কিন্তু শৰতৰ আগমনক লৈ কোনো অসন্তুষ্ট নহয়৷