নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ালয়ৰ নিৰ্দেশকো অংগুষ্ঠ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ

🔹 যাতায়াতত নৰক যন্ত্রণা ৰাইজৰ

নিয়মীয়া বাৰ্তা,  ১৮ জুলাই : দেশৰ কোটি কোটি জনসাধাৰণৰ সুগম যাতায়াতৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বান্ধি দিয়া হৈছে কিছু নীতি-নির্দেশনা। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰাধিকৰণে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্রতি নামি আহিছে ভয়াৱহ ভাবুকি৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই ন্যায়ালয়ৰ প্ৰায়বোৰ নির্দেশনাক অংগুষ্ঠ দেখুওৱাৰ পাছতো বিভাগে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত তীব্র ক্ষোভৰ উদ্‌গীৰণ হৈছে। দীর্ঘদিন ধৰি পথচাৰীসকলে দুর্ভোগ ভুগি থকা এটা অতি গুৰুত্বপূৰ্ণ তথা ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ হ’ল নামনি অসমৰ মাজেৰে পাৰ হৈ যোৱা পূৰ্বৰ ৩১নং তথা বৰ্তমানৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ। নামনি অসমৰ গুৱাহাটীৰ পৰা কামৰূপ, নলবাৰী, বজালী, বৰপেটা, বঙাইগাঁও, ধুবুৰী জিলাৰ মাজেৰে পাৰ হৈ যোৱা এই পথটোত আছে কেইবাখনো টোলগেট। কিন্তু টোলৰোড হিচাপে খ্যাত এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত ৰাইজে চৰম দুর্ভোগ ভুগি অহাৰ পাছতো ৰহস্যজনক কাৰণত চকু মুদা কুলিৰ ভাও জুৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে সততে পথৰ উন্নয়নৰ দাবী কৰাৰ সময়তে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ চৰম দুৰৱস্থাই বিভাগৰ স্বৰূপ লাজ লগাকৈ উদঙাইছে। প্ৰতিপল টোলকৰ বৃদ্ধি কৰি অহা পথ পৰিবহণ বিভাগে অতি গুৰুত্বপূৰ্ণ পথৰ উন্নয়ন নকৰাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে ৰাইজে। উল্লেখ্য যে এই পথটোৰ বিভিন্ন অংশত চপৰা চপৰে উঠি গৈ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাত সঘনে দুর্ঘটনা সংঘটিত হোৱাৰ উপৰি নিৰ্মাণকাৰী সংস্থাই সম্প্ৰতি নিৰ্মাণ কৰি থকা বাইহাটা, পাঠশালা আৰু বৰপেটাৰোডৰ শিমলাগুৰিৰ উৰণ সেতুৰ দুয়োপাৰৰ উপ-পথৰ চৰম দুৰৱস্থাই ৰাইজক নৰক যন্ত্রণা ভোগাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নীতি-নিয়ম মতে, নিৰ্মাণকাৰী সংস্থাই যিকোনো পথ বা উৰণ সেতু নিৰ্মাণ কৰিলে ইয়াৰ বাবে প্রয়োজন হোৱা উপ-পথটো ৰাষ্ট্ৰীয় ঘাইপথৰ সমতুল্যভাৱে নিৰ্মাণ কৰিব লাগে, যাতে পথচাৰীৰ কোনোধৰণৰ অসুবিধা নহয়। কিন্তু উৰণ সেতু নিৰ্মাণ কৰা সংস্থাই এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত ৰাইজে যমৰ যন্ত্রণা ভোগ কৰিবলগীয়া হৈছে। এনে গাফিলতিৰ পিছতো এই পথ তথা উৰণ সেতু নিৰ্মাণকাৰী সংস্থাৰ প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিহৰ দৰদ, তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like