📌বৰাক উপত্যকাৰ পৰা আইজল–ইম্ফললৈ দুর্গম এলেকাত উন্নত প্রযুক্তিৰে নির্মাণ কৰা হ’ব ৰাষ্ট্রীয় ঘাইপথ, লোৱা হ’ব ছুইজাৰলেণ্ড–অষ্ট্রিয়াৰ সহায়
📌 ২০২৭ত সম্পূর্ণ হ’ব গুৱাহাটী ৰিং ৰোড
বিশেষ বাৰ্তা, ২০ মাৰ্চঃ আমেৰিকাৰ সদৃশ হব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ। অসমৰ যোগাযোগ ব্যবস্থাৰ আন্তগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ কোনো অভাব নাই। ২০২৭ চনৰ ভিতৰত ৫,৮০০ কোটি টকা ব্যয় সাপেক্ষে ১২১ কিলোমিটাৰ ব্যাপী গুৱাহাটী ৰিং-ৰড প্ৰকল্পৰ কাম সমাপ্ত হব।
গুৱাহাটীৰ পৰা বাৰাপানী হৈ শিলচৰ লৈকে ২৫,০০০ কোটি টকীয়া গ্ৰীণফিল্ড কৰিডৰ নিৰ্মাণৰ বাবেই সাজু হৈছে কেন্দ্ৰ। কাজাৰঙীৰ মাজেদি উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৬,০০০ কোটি টকীয়া প্ৰকল্পৰ কামো ইতিমধ্যে আৰম্ভ হৈ গৈছে। ১৬৭ কিলোমিটাৰৰ আন এৰ ফৰ-লেনৰ কামো পাইপলাইনত আছে।
বিদেশ ভ্রমণত ‘পৰিয়াল’ নীতি সলনি কৰা নহয়, অটল বিচিচিআই
আনহাতে বৰাক উপত্যকাৰ পৰা আইজল আৰু ইম্ফলগামী দুৰ্গম এলেকাত উন্নত প্ৰযুক্তিৰ সাহায্য লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ যো-জা চলাই থকা হৈছে। আজি ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকৰীয়ে কেবাজনো সাংসদৰ প্ৰশ্নৰ উত্তৰত অসমৰ পথ যোগযোগ ব্যৱস্থাত হব লগীয়া বৈপ্লবিক পৰিবৰ্তনৰ কথা এনেদৰে দাঙি ধৰে।
গাডকৰীয়ে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিব লগীয়া সুৰংগৰ কথাও দাঙি ধৰি কয় যে ১২,০০০ কোটি টকীয়া উক্ত প্ৰকল্পও অতি শীঘ্ৰে অনুমোদন লাভ কৰিব। উল্লেখ্য যে প্ৰথমতে অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য়ই উত্থাপন কৰা এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গাডকৰীয়ে প্ৰকাশ কৰা মতে, গুৱাহাটী ৰিং প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। প্ৰকল্পটোৰ কৰোবাত ৪ লেন আৰু কৰবাত ৬ লেন থাকিব। বাইহাটা চাৰিয়ালি, নাৰেংগী আৰু সোণাপুৰৰ মাজত থকা ৫৫ কিলোমিটাৰৰ পথছোৱা হব গ্ৰীণফিল্ড কৰিডৰ। উক্ত প্ৰকল্পৰ অধিনত ব্ৰহ্মপুত্ৰৰ ওপৰত ৬ লেনযুক্ত দলঙো নিৰ্মাণ কৰা হব।
সাংসদ বৈশ্যৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গাডকৰীৰ বক্তব্য অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহক আমেৰিকাৰ দৰে গঢ়ি তোলা হব। সম্পূৰ্ণৰূপে সলনি হৈ যাব অসমৰ ঘাইপথৰ নেটৱৰ্ক। যাৰ বাবে বিনিয়োগ বাঢ়িব, কৰ্মসংস্থাপনৰ সুযোগ আহিব তথা মানুহৰ হাতত পুঁজিও বৃদ্ধি পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰপূৰ্বাঞ্চলৰ আন্তগাথনী নিৰ্মাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও গাডকৰীয়ে সদনত বিবৃতি প্ৰদান কৰে। আনহাতে বিজেপি সাংসদ ভূবনেশ্বৰ কলিতাৰ আন এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীজনে কয় যে কাজিৰঙাৰ ওপৰেদি নিৰ্মাণ কৰিব লগীয়া উৰণীয়া সেতুৰ কাম ইতিমধ্যে আৰম্ভ হৈছে তথা প্ৰকল্পটোৰ বাবে ৬,০০০ কোটি টকা ধাৰ্য কৰা হৈছে।
অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত কেন্দ্ৰৰ পুঁজিৰ কোনো অভাব নাই বুলি গাডকৰীয়ে পুনৰ সদৰি কৰে। আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেবে গুৱাহাটী, ইম্ফল আৰু আইজলৰ পৰা বৰাক উপত্যকা সংযোগী ৬ নং, ৩০৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত উত্থাপন কৰা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গডকৰীয়ে কয় যে এয়া সঁচা যে ঘাইপথ নিৰ্মাণত পুঁজিৰ কোনো অভাব নাই। কিন্তু সাংসদ দেবে উত্থাপন কৰা ঘাইপথসমূহৰ ভৌগোলিক অবস্থান বৰ দুৰ্গম। অঞ্চলটোত আটাইতকৈ বেছি বৃষ্টিপাতৰ লগতে ভূস্খলনৰ ঘটনাও সততে ঘটি থকা দেখা যায়।
এনে ৭টা অবস্থান চিহ্নিত কৰা হৈছে বুলি জনিবলৈ দি গাডকৰীয়ে কয় যে উক্ত অঞ্চলত নিৰ্মাণকাৰ্য় চলোৱাৰ বাবে সুইজাৰলেণ্ড, অষ্ট্ৰিয়াৰ সহায় লোৱা হব। ইয়াৰ বাবে ইতিমধ্যে ২৫০ কোটি টকা অনুমোদনো দিয়া হৈছে। প্ৰয়োজনত আই আই টিৰ পৰাও প্ৰযুক্তিগত সহায় বিচৰা হব বুলি গাডকৰীয়ে সদনক অবগত কৰে।
প্ৰেৰক কল্লোল ভৌমিক