নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ বর্ণিল সামৰণি, চেম্পিয়ন অসম, ৰানাৰ্ছ আপ অৰুণাচল

📌 অসম দললৈ যাদৱ চন্দ্র ভূঞা স্মাৰক দলীয় চেম্পিয়নছ ট্রফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ নৱেম্বৰঃ ‘জীৱনৰ প্রত্যাহ্বানবোৰৰ ওপৰত বিজয় সাব্যস্ত কৰিছে আপোনালোকে৷’– সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰ–পূর্বাঞ্চলৰ প্রথম নর্থ–ইষ্ট পেৰা স্প’টছ মীটৰ বর্ণিল সামৰণি অনুষ্ঠানত অংশ লৈ এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত অসম পেৰা অলিম্পিক এছ’চিয়েচনৰ সহযোগত তথা উদয়াচলৰ উদ্যোগত বিগত ২৭ নৱেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ তিনিটা স্থানত অনুষ্ঠিত হয় স্প’টছ মীটৰ কার্যসূচী৷ মুঠ পাঁচটা শাখাত অনুষ্ঠিত হোৱা এই স্প’টছ মীটত উত্তৰ–পূর্বাঞ্চলৰ ছয়খন ৰাজ্য ক্রমে ত্রিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে অংশ লয়৷ সামৰণী অনুষ্ঠানটোত পেৰা অলিম্পিয়ানসকলৰ মানসিক দৃঢ়তাক প্রণাম জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পেৰা এথলীটসকলক প্রকৃত নায়ক বুলি উল্লেখ কৰে৷ তেওঁ কয়– আপোনালোকৰ উপস্থিতিয়ে মানসিক দৃঢ়তাক প্রতিপন্ন কৰে৷ পেৰা অলিম্পিক দলে যিমানসংখ্যক মেডেল ২০২৪ৰ পেৰিছ পেৰা অলিম্পিকত লাভ কৰিছে সিমান মেডেল অলিম্পিক দলেও পোৱা নাই৷ তেওঁ কয় যে ২০২০ চনত টকিঅ’ পেৰা অলিম্পিকত ভাৰতে ১৯টা মেডেল লাভ কৰিছিল যদিও ২০২৪ চনৰ পেৰিছ পেৰা অলিম্পিকত এই মেডেলৰ সংখ্যা ২৯টালৈ বৃদ্ধি পায়৷ ইয়াৰ ভিতৰত সাতজনে স্বর্ণপদক, ৯জনে ৰূপৰ পদক আৰু ১৩জনে ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ দেশৰ গৌৰৱ আৰু শোভা পেৰিছত পেৰা অলিম্পিয়ানসকলে সুশোভিত কৰিছে৷ ভাৰতীয় পেৰা অলিম্পিকৰ আৰম্ভণিৰ যাত্রাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় পেৰা অলিম্পিকৰ যাত্রা আৰম্ভ হৈছিল পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰৰ জৰিয়তে৷ ইয়াৰ পিছত এই যাত্রাক বহুকেইগৰাকী পেৰা অলিম্পিয়ানে আগুৱাই নিছে৷ পেৰা এথলীটসকল অকল এথলীটেই নহয়, অযুতজন বিশেষভাৱে সক্ষম প্রতিভাৱান যুৱক–যুৱতীৰ বাবে এক আশা আৰু প্রত্যাশাৰ থলী৷ তেওঁলোকৰ সফলতাই ইয়াকে প্রমাণ কৰে যে শাৰীৰিক প্রতিবন্ধকতা যিমানেই নাথাকক কিয়, ইয়াৰ বিৰুদ্ধে সৃষ্ট ইচ্ছাশক্তি আৰু মানসিক দৃঢ়তাই সকলো সফল কৰিব পাৰে৷ দিব্যাংগ ব্যক্তিসকলৰ উন্নয়নৰ হকে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা বিভিন্ন পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে৷ অসমৰ ক্রীড়া নীতিৰ কথা উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে অসমৰ ৰাজ্যিক ক্রীড়া নীতি অকল সাধাৰণ লোকৰ বাবেহে আছিল৷ কিন্তু এতিয়া এই ক্রীড়া নীতিত দিব্যাংগ খেলুৱৈকো অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰ অধীনতে ২০২৩ বর্ষত আনোৱাৰ শিকদাৰক অসম চৰকাৰে সফলতাৰ বাবে ২০ লাখ টকাৰে সন্মানিত কৰাৰ লগতে চাজিদা বেগমক তিনি লাখ, আবাবিল আলীক ৫ লাখ আৰু সৌৰভ ঠাকুৰক ৫ লাখ টকাৰে সন্মানিত কৰে৷ শেহতীয়াকৈ গোৱাত বিজয়ী হোৱা পেৰা খেলুৱৈসকলকো শুভেচ্ছা জনাই মুখ্যমন্ত্রীয়ে পৰৱর্তী পেৰা অলিম্পিকত যাতে অসমৰ খেলুৱৈসকলে প্রতিনিধিত্ব কৰিব পাৰে তাৰ বাবে ভালদৰে চেষ্টা কৰিবলৈ সকলো খেলুৱৈক আহ্বান জনায়৷ পৰৱর্তী পেৰা অলিম্পিকলৈ অসমত এনেধৰণৰ পেৰা অলিম্পিক ইভেণ্ট পুনৰ অনুষ্ঠিত হোৱাৰ কথাও মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ দিব্যাংগ খেলুৱৈসকলক এক উপযুক্ত মঞ্চ দিয়াৰ বাবে লোৱা পদক্ষেপৰ বাবে উদয়াচলৰ প্রচেষ্টাক শলাগ লৈ মুখ্যমন্ত্রীয়ে কয় যে চাৰিগৰাকী দিব্যাংগ শিশুক লৈ ১৭ বছৰ পূর্বে পাণ্ডুত উদয়াচলৰ যাত্রা আৰম্ভ হৈছিল৷ আজি শতাধিক দিব্যাংগ শিশুৰে উদয়াচলে নিজৰ পৰিয়াল নির্মাণ কৰিছে৷ এই যাত্রা ভৱিষ্যতলৈ অব্যাহত থকাৰ কামনাৰে মুখ্যমন্ত্রীয়ে উদয়াচলক অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি নিজৰ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই পেৰা অলিম্পিকৰ প্রস্তুতিৰ বাবে দিব্যাংগ খেলুৱৈসকলে বিচৰা সকলো সহায়–সহযোগিতা অসম চৰকাৰে আগবঢ়াব বুলিও ঘোষণা কৰে৷ খেলুৱৈসকলক উৎসাহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চেষ্টা কৰিলে আমি আকাশ চুব পাৰিম৷ অনুষ্ঠানটোত অংশ লৈ নর্থ–ইষ্ট পেৰা স্প’টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই নিজৰ ভাষণত কয় যে বিশেষভাৱে সক্ষম যুৱপ্রজন্মই যাতে নিজৰ স্বপ্ণ পূৰণ কৰিব পাৰে তাৰ বাবে ভৱিষ্যতলৈ এই যাত্রা অব্যাহত থাকিব৷ বিগত ১৭ বছৰ ধৰি সমাজৰ মাজত থকা বিভিন্ন প্রতিবন্ধকতাক একত্রিত কৰি এক সমন্বয়ৰ সেতু গঢ়া উদয়াচলৰ এই যাত্রা আমাৰ বাবে অতি সুন্দৰ আছিল৷ এই সুন্দৰ যাত্রাক ভৱিষ্যতলৈও অব্যাহত ৰখাৰ কথা তেওঁ উল্লেখ কৰে৷ তদুপৰি পেৰা স্প’ৰ্টছ মীটত অংশগ্রহণ কৰি যিখিনি ল’ৰা–ছোৱালীয়ে বিজয় সাব্যস্ত কৰিছে তেওঁলোকে ৰাষ্ট্রীয় পর্যায়তো বিভিন্ন প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব বুলি তেওঁ কয়৷ বিশেষ এই ল’ৰা–ছোৱালীখিনিয়ে অসমক ভৱিষ্যতলৈ গৌৰৱান্বিত কৰি তোলাৰ আশা প্রকাশ কৰি তেওঁ কয় যে প্রত্যেকগৰাকী ল’ৰা–ছোৱালীয়ে যথেষ্ট প্রতিভাধৰ৷ প্রতিভা তেওঁলোকৰ বহু আছে৷ ভৱিষ্যৎ তেওঁলোকৰ নিশ্চয়কৈ ভাল হ’ব৷ উল্লেখ্য যে স্প’টছ মীটৰ অন্তত অসম দলে যাদৱ চন্দ্র ভূঞা স্মাৰক দলীয় চেম্পিয়নছ ট্রফীৰে সন্মানিত হোৱাৰ লগতে অৰুণাচল প্রদেশৰ দলটো ৰানার্ছআপ ৰূপে নির্বাচিত হয়৷ অসম দলে ৫৫টা সোণৰ পদক, ৪৭টা ৰূপৰ পদক আৰু ২৫টা ব্রঞ্জৰ পদক নর্থ–ইষ্ট পেৰা স্প’টছ মীটত লাভ কৰিবলৈ সক্ষম হৈছে৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আজি শিহৰণকাৰী অনুষ্ঠান পৰিৱেশন কৰে মিৰাকলছ অন হুইলছ শীর্ষক সংস্থাটোৱে৷ গণেশ বন্দনাৰ নৃত্যৰে আৰম্ভ কৰা অনুষ্ঠানটোত অংশগ্রহণকাৰীসকল্ হুইল চেয়াৰত বহি কৰা নৃত্যানুষ্ঠানে উপস্থিত সকলো লোককে বিস্ময়ান্বিত কৰি তোলে৷ চৈয়দ চালাউদ্দিন পাছাৰ নেতৃত্বত দলটোৱে এই অনুষ্ঠান পৰিৱেশন কৰে৷ জ্যেষ্ঠ সাংবাদিক নন্দন প্রতিম শর্মা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত নর্থ–ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ ব্রেণ্ড এম্বেছাডৰ শচীন ছামাৰিয়া, বিচিচিআইৰ যুটীয়া সচিব দেৱজিত শইকীয়া, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী জয়ন্ত মল্ল বৰুৱা, গৃহ, নগৰ পৰিক্রমা মন্ত্রী অশোক সিংহল, কৃষিমন্ত্রী অতুল বৰা, উদ্যোগ–বাণিজ্য মন্ত্রী বিমল বড়া, কাবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইন, জাৰিৰ হুছেইন, ক্রীড়া–যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছা প্রমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like