🔹 নাৰী মমতাময়ী, নাৰীয়ে ধৈৰ্য-সহ্যৰ জৰিয়তে পৃথিৱীত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে : মৃণালিনী দেৱী
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : নাৰী মমতাময়ী, নাৰীয়ে ধৈৰ্য-সহ্যৰ জৰিয়তে এই পৃথিৱীত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আহিছে। নাৰীয়ে দেৱী লক্ষ্মী হিচাপে, নাৰীয়ে সৰস্বতী ৰূপে সহনশীলতা প্ৰদৰ্শিত কৰিছে আৰু সময়ত নাৰীয়ে সৃষ্টিকৰ্তা ৰূপেও সংসাৰ তৰিছে আৰু সময়ত নাৰীয়ে মা কালীৰূপে, আদ্যাশক্তি মহামায়া দেৱী দুৰ্গা ৰূপেও দুৰ্গতিনাশিনী ৰূপেৰে দুষ্টক দমন কৰিছে।- এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীৰ। আজি তেজপুৰৰ বোৱাৰী, বিশিষ্ট লেখিকা, ঔপন্যাসিক মুন্মি মহন্তৰ তৃতীয়খন উপন্যাস ‘অন্তৰ্দাহ’ উন্মোচন কৰি সু-সাহিত্যিক মৃণালিনী দেৱীয়ে আৰু কয় যে নাৰীয়ে সপ্তৰূপ লৈ যুগে যুগে দুষ্টক বিনাশ আৰু শান্তক পালন কৰি আহিছে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ কলিতাৰ সভাপতিত্বত তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা আৰু মণিকূট প্ৰকাশনে প্ৰকাশ কৰা মুন্মি মহন্তৰ উপন্যাস ‘অন্তৰ্দাহ’ৰ উন্মোচনী সভাত আদৰ্শ মাতৃ বঁটাৰে বিভূষিত মৃণালিনী দেৱীয়ে আৰু কয় যে জাতীয় সাহিত্যই হ’ল জাতীয় জীৱনৰ ধৰণীস্বৰূপ। যাৰ জাতীয় জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্যও মুক্ত আৰু স্বাধীন। এই কথাখিনি স্বনামধন্য কৰা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ। সাহিত্য, শিল্পকলা আৰু ভাষা-সংস্কৃতিয়েই হ’ল এটা জাতিৰ স্বকীয় পৰিচয়। শক্তিশালী সাহিত্য-সংস্কৃতি, ভাষা, শিল্পকলা অবিহনে কোনো জাতিৰ আত্মপ্ৰকাশ নঘটে। অৱশ্যে ই সম্ভৱো নহয়। তথাপি আমি জনা উচিত- সাহিত্য-সংস্কৃতি অথবা দেশৰ শিল্পকলা, ঐতিহ্য আদিয়েহে সমাজখনত এক বৌদ্ধিক বাতাৱৰণ সৃষ্টি কৰি চিন্তন আৰু মনন জগতখনক প্ৰভাৱিত কৰি তুলি সমৃদ্ধিশালী ৰূপত জিলিকাই তুলিব পাৰে।
অৰ্থাৎ ইতিহাস তথা অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সংযোগ সাধনেৰে মানুহৰ মন তথা মানসিক স্থিতিক সমৃদ্ধ কৰাৰ বাবে অপৰিসীম শক্তি যোগাব পাৰি। কাৰণ ইতিহাস তথা অতীত, বৰ্তমান আৰু ভৱিষ্যত সংযোগ স্থাপন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে মানুহৰ মন আৰু মানসিক স্থিতিক আলোড়িত কৰাৰ বাবে নিহিত হৈ আছে এক অপৰিসীম শক্তি। মহৰ্ষি বাল্মীকিয়েই কাব্য সাহিত্যৰ জনক ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ পাছত প্ৰাচীন ভাৰতীয় সাহিত্যিক কবিৰত্ন ভট্টদেৱে পোন প্ৰথমেই এই গদ্য সাহিত্যৰ জনক ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে। সেয়ে মহৰ্ষি বাল্মীকিয়েই ওমসা নদীৰ বুকুত সৃষ্টি কৰা শোক বাণীয়েই শ্লোক ৰূপে পৰিগণিত হোৱা পংক্তি দুশাৰীক ভিত্তি কৰি ৰচনা কৰা সমগ্ৰ ৰামায়ণ মহাকাব্যৰ বাবেই ভাৰতীয় তথা অসমীয়া সাহিত্য আজি জাকতজিলিকা হৈ আছে। সেয়ে বোধহয় সকলো সাহিত্যিকে সাহিত্য চৰ্চাৰ ভেটি টনকিয়াল কৰিবৰ বাবে প্ৰথমতে আখৰা তথা আৰম্ভণি ৰূপে কবিতাৰেই চৰ্চা কৰে। পুৰণি কালতো তাকেই কৰিছিল। প্ৰথমে কাব্যচৰ্চা, কাব্যচৰ্চাৰ লগে লগে পদ্যয়ো ভুমুকি মাৰিলে। অৱশ্যে গ্ৰন্থ সাহিত্য অথবা কাব্য সাহিত্যৰ মহত্ত্ব শ্ৰেষ্ঠত্ব উপলব্ধি হয় লেখক বা কবিগৰাকীৰ চিন্তা-চেতনা তথা আত্মিক আৱেগ-অনুভুতি আদিত বুলি কয়। উক্ত গ্ৰন্থ উন্মোচনী সভাত তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বিজেন নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালী, বিশিষ্ট কবি, সাহিত্যিক ৰঞ্জন মহন্ত, লোকনায়ক অমিয়া কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক পল্পৱ ভট্টাচাৰ্য আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। সভাত ঔপন্যাসিক মুন্মি মহন্তই নিজৰ অভিজ্ঞতা, লেখিকাৰ মনৰ ভাব আৰু শলাগ জ্ঞাপনেৰে অভ্যাগতসকলক শলাগ লয়।
প্ৰেৰক ৰমেন ভৰালী