নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা ২ লাখ অতিক্রম

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ  অসমত ক’ভিড পৰিৱেশ ক্রমশঃ যথেষ্ট উন্নত হৈছে যদিও শনিবাৰৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ সংখ্যাই দুই লাখৰ সীমা অতিক্রম কৰিলে৷ শনিবাৰে নতুনকৈ ৬৪২গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ লগে লগে ৰাজ্যখনত আক্রান্তৰ মুঠ সংখ্যা ২,০০,৩৯১গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, শনিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত ১২গৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি শিৱসাগৰৰ দুর্গা ফুকন (৬৫), কামৰূপৰ দিগম্বৰ ৰাভা (৫৮), কার্বি আংলঙৰ ডি ফালহাৰিম (৭৫), কামৰূপ মহানগৰৰ মুকুল বৰুৱা (৭৪), গোলাঘাটৰ অম্বেশ্বৰী বৰুৱা (৭৮), ৰছিলা চোৰেন (৩৫), যোৰহাটৰ লক্ষ্মী গোস্বামী (৪৬), বিপিন শর্মা (৬৬), হাৰাধন ঘোষ (৭৩), ধেমাজিৰ অঞ্জু মিলি (৩০), ডিব্রুগড়ৰ অনিমা দাস (৭২) আৰু চিৰাঙৰ জাহিৰ ইছলাম (৫২)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

ইয়াৰ ফলত এতিয়ালৈ ক’ভিডত মুঠ ৮৬৫গৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হয়৷ আনহাতে, শনিবাৰৰ দিনটোত নতুনকৈ আক্রান্ত হোৱা ৬৪২গৰাকী লোকৰ ভিতৰত ১৪৯গৰাকী গুৱাহাটী মহানগৰীৰ৷ শনিবাৰে ২৩,১২৯গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ২.৭৮ শতাংশ৷ সেইদৰে শনিবাৰে ৮১৮গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷ এতিয়ালৈকে মুঠ ১,৭১,০৮১গৰাকী লোকে সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ২৮,৪৪২গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৫.৩৭ শতাংশ৷ সক্রিয় হৈ থকা ৰোগীৰ হাৰ ১৪.১৯ শতাংশ৷ মৃত্যুৰ হাৰ ০.৪৩ শতাংশ৷

ইফালে আসন্ন দুর্গাপূজাৰ সময়ছোৱাত জনসাধাৰণক অধিক সতর্ক আৰু সজাগ হৈ থাকিবলৈ মন্ত্রী ড০ শর্মাই পুনৰ আহ্বান জনাই কয় যে দুর্গাপূজাৰ সময়ত যদি আটায়ে ক’ভিড সম্পর্কীয় নীতি–নিয়ম ভালদৰে মানি চলে, ক’ভিড পৰীক্ষণত সহায়–সহযোগিতা আগবঢ়ায়, তেতিয়াহ’লে ক’ভিডজনিত পৰিৱেশ অৱনতি ঘটাৰ পৰা ৰাজ্যখনক ৰক্ষা কৰিব পৰা যাব৷ সেইদৰে ৰাজ্য চৰকাৰে ক’ভিডজনিত পৰিৱেশৰ পৰিপ্রেক্ষিতত এইবাৰ দুর্গাপূজাৰ মণ্ডপসমূহ নিশা ১০ বজাৰ ভিতৰত বন্ধ কৰিবলৈ ইতিমধ্যে নির্দেশ দিছিল যদিও শেহতীয়াকৈ পূজাৰ ধর্মীয় নীতি–নিয়ম তথা নিশাৰ ভাগতো তিথি চলি থাকিলে নিশালৈকে পূজাৰ কাম–কাজ চলাই থাকিব পাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ একেদৰে পুৰোহিতৰ ক’ভিড টেষ্ট পূর্বতে পঞ্চমীৰ দিনা কৰিবলৈ কোৱা হৈছিল৷ কিন্তু বহুতে সেই সম্পর্কত আপত্তি দর্শোৱাত চতুর্থীৰ দিনাই পুৰোহিতৰ ক’ভিড টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰিছে৷ কাৰণ পূজাৰ চাৰিটা দিনত পুৰোহিতসকল জনসাধাৰণৰ অধিক সংস্পর্শলৈ আহিব৷ কোনো পুৰোহিত যদি ক’ভিড পজিটিভ হৈ আছে আৰু তেওঁ যদি টেষ্ট অবিহনে পূজা সম্পন্ন কৰে, তেতিয়াহ’লে তেওঁৰ পৰাই ব্যাপক ৰূপত ক’ভিড বিয়পিব৷ সেয়ে তেওঁ পুৰোহিতসকলক চতুর্থীৰ দিনাই ক’ভিড টেষ্ট কৰাবলৈ আহ্বান জনায়৷

You might also like