নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ দিল্লীবিদ্বেষৰ সুযোগ আগ্রাসী ড্রেগনৰ দেশৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ৰক্তক্ষয়ী সংঘর্ষৰ মাজতে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ লগে লগে বাংলাদেশৰ ৰাজনীতিত এক সাংঘাতিক পৰিৱর্তন আহিছে৷ সমগ্র বাংলাদেশজুৰি সম্প্রতি দিল্লী–ভাৰতবিদ্বেষ৷ ইতিহাস তথা কৃতজ্ঞতা পাহৰি মহম্মদ ইউনুছ নেতৃত্বাধীন বর্তমানৰ অন্তর্ৱর্তী চৰকাৰখনে মিত্রতা গঢ়ি তুলিছে ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে৷ ইয়াৰ সুযোগ লৈ বাংলাদেশত ক্রমশঃ চীনে প্রভাৱ বিস্তাৰ কৰিছে৷ যিটো জলজল–পটপট হৈ পৰিল বাংলাদেশৰ পাঠ্যপুথিত সন্নিৱিষ্ট মানচিত্রক লৈ আগ্রাসী ড্রেগনৰ দেশৰ আনুষ্ঠানিক আপত্তি প্রদর্শনত৷ নৱম আৰু দশম শ্রেণীৰ ‘বাংলাদেশ আৰু বিশ্ব পৰিচয়’ শীর্ষক পাঠ্যপুথিখনত এছিয়াৰ এখন মানচিত্র সন্নিৱিষ্ট হৈ আছে৷ য’ত অৰুণাচল প্রদেশ আৰু আকচাই চীনক দেখুওৱা হৈছে ভাৰতৰ অংশ হিচাপে৷ কিন্তু যোৱা নৱেম্বৰ মাহৰ শেষ সপ্তাহত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তী চৰকাৰৰ শিক্ষা মন্ত্রালয়লৈ বেইজিঙে প্রেৰণ কৰা এখন পত্রত স্পষ্টভাৱে কোৱা হৈছে যে অৰুণাচল প্রদেশ আৰু আকচাই চীন ভাৰতৰ অংশ হিচাপে দেখুৱাব নোৱাৰিব৷ তাৰ পৰিৱর্তে এই দুয়ো স্থানক পাঠ্যপুথিত সন্নিৱিষ্ট মানচিত্রত দেখুৱাব লাগিব চীনৰ অংশ ৰূপেহে৷ বাংলাদেশৰ আগশাৰীৰ সংবাদ–পত্র ‘প্রথম আলো’ৰ বাতৰি অনুসৰি অকল পাঠ্যপুথিত সন্নিৱিষ্ট মানচিত্রই নহয়, জৰীপ দপ্তৰৰ ৱেবছাইটত থকা মানচিত্রও সংশোধনৰ অনুৰোধ ঢ়াকাক জনোৱা হৈছে পত্রখনৰ জৰিয়তে৷ উল্লেখ্য যে যি সময়ত বেইজিঙে ঢ়াকলৈ এই পত্রখন প্রেৰণ কৰিছিল সেই সময়ত চিন্ময়কৃষ্ণ প্রভুক গ্রেপ্তাৰক কেন্দ্র কৰি চুবুৰীয়া ৰাষ্ট্রখনত তীব্র উত্তেজনাই বিৰাজ কৰিছিল৷ তদুপৰি শ্বেখ হাছিনাই দেশ ত্যাগ কৰাৰ পৰৱর্তী সময়ত ভাৰত–বাংলাদেশৰ সম্পর্কত যথেষ্ট ফাট মেলা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে আগ্রাসী চীনে অৰুণাচল প্রদেশ আৰু আকচাই চীনৰ বিষয়ত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তী চৰকাৰলৈ উক্ত পত্রখন প্রেৰণ কৰাৰ বিষয়টো চিহ্ণিত হৈছে তাৎপর্যপূর্ণ ৰূপে৷ বাতৰি অনুসৰি ইতিমধ্যে এই বিষয়টো সন্দর্ভত চীন–বাংলাদেশৰ মাজত কথা–বতৰাও হৈছে৷ চীনৰ আপত্তিৰ বিষয়ত ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তী চৰকাৰে জাতীয় শিক্ষাক্রম আৰু পাঠ্যপুথি ব’ডৰ সৈতে আলোচনাত মিলিত হয়৷ ব’ডৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ইতিমধ্যে নতুন পাঠ্যপুথি ছপোৱাৰ প্রক্রিয়া সম্পন্ন হৈছে৷ যাৰ পৰিপ্রেক্ষিতত এতিয়া সংশোধনৰ কোনো সুযোগ নাই৷ অৱশ্যে পৰৱর্তী সময়ত বেইজিঙক বিষয়টো নিষ্পত্তি কৰাৰ আশ্বাস দিছে ঢ়াকাই৷ ইফালে ‘বাংলাদেশ আৰু বিশ্ব পৰিচয়’ নামৰ পাঠ্যপুথিখনৰ এঠাইত হংকং–টাইৱানক সার্বভৌম ৰাষ্ট্র হিচাপে উল্লেখ কৰা হৈছে৷ তাক লৈও আপত্তি চীনৰ৷ টাইৱানৰ ক্ষেত্রত বেইজিঙৰ যুক্তি হ’ল– টাইৱান চীনৰ অবিচ্ছেদ্য অংশ৷ সেইদৰে ১৯৯৭ চনৰ ১ জুলাইৰ পৰা হংকঙৰ ওপৰত চীনৰ সার্বভৌমত্ব আছে৷ স্বায়ত্তশাসন থাকিলেও হংকঙক দেশ বুলি ক’ব নোৱাৰি৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দীর্ঘদিন ধৰি চীনে অৰুণাচল প্রদেশক নিজৰ অন্তর্ভুক্ত বুলি দাবী কৰি আহিছে৷ ইমানতে ক্ষান্ত নাথাকি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যখনক ড্রেগনৰ দেশে নামকৰণ কৰিছে জ্যাংনান হিচাপে৷ তাৰ পাছত এইবাৰ অৰুণাচল প্রদেশ তথা আকচাই চীনৰ বিষয়ত বাংলাদেশৰ পাঠ্যপুথিত বেইজিঙৰ চকু পৰাটো কূটনৈতিকভাৱে যথেষ্ট তাৎপর্যপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে৷

You might also like