নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমালোচনাক ইতিবাচক হিচাপে ল’বলৈ শিকক বিৰোধীয়ে- মন্ত্ৰী ৰঞ্জিত দাস

🔹 শিল্পত কিহৰ ৰাজনীতি ?

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : বিৰোধী ঐক্যমঞ্চই ৰাজ্যত দুটা বৈদ্যুতিন চেনেল বয়কট কৰিব বুলি ওলোৱা খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই প্ৰসংগত কয় যে কোনে কাক বয়কট কৰিবলৈ লৈছে? সমালোচনা কৰিলে বেয়া পাব নালাগে কোনেও। সমালোচনাক ইতিবাচক হিচাপে ল’বলৈ শিকক বিৰোধীয়ে। আনহাতে, সম্প্ৰতি ৰাজ্যত চৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰাঘৱ’ সন্দৰ্ভত মন্ত্ৰী দাসে কয়- ‘মই ৰাঘৱ চালোঁ, মোক কোনোবাই দালাল বুলিও কৈছে, মই গুৰুত্ব দিয়া নাই।’ তদুপৰি তেওঁ কয়- CPMৰ কোনোবাই নাটক কৰিলে মই নাচাম নেকি? শিল্পত কিহৰ ৰাজনীতি? ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী দাসে ভূপেন বৰাকো চিনেমা বনাবলৈ আহ্বান জনায়।

You might also like