নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যোক্তাক প্রহাৰ দিনটো লঘোনে থকা আয়তীৰ

🔹 নগাঁৱত দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ নামত মহিলা নাম দলক প্রতাৰণা

বিশেষ বার্তা, ৪ ফেব্রুৱাৰী : নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰত কালি দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে কেইবাহাজাৰ মহিলা সমৱেত হোৱাৰ সময়তে সংঘটিত হয় অপ্রীতিকৰ ঘটনা৷ কালি বিশ্ব অভিলেখ গঢ়াৰ বাবে মধ্য অসমৰ বিভিন্ন স্থানৰ দিহানামৰ দলসমূহক আমন্ত্রণ জনোৱা হৈছিল৷ সেই অনুসৰি মধ্য অসমৰ নগাঁও, হোজাই, মৰিগাঁৱৰ লগতে কাজিৰঙা আদিৰ দিহানামৰ দল পুৱা দহ বজাতে আহি সংশ্লিষ্ট স্থানত উপস্থিত হয়৷ বিয়লি চাৰিবজালৈকে দিহানাম প্রদর্শনৰ বাবে উদ্যোক্তাসকলে কোনোধৰণৰ পদক্ষেপ নোলোৱাত দিহানামৰ লগত জড়িত মহিলাসকল ক্ষুণ্ণ হৈ পৰে৷ বিশ্ব অভিলেখ গঢ়াৰ ৰেকর্ডৰ বাবে গীনিজ বুক অৱ ৰেকর্ডৰ প্রতিনিধি সময় মতে উপস্থিত নোহোৱাত দিহানাম প্রদর্শনৰ বাবে অহা মহিলাসকল ক্ষুণ্ণ হৈ পৰে৷ সদৌ অসম শংকৰ–মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত আৰু অসম শিল্পী কাননৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ শংকৰ–মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ সভাপতি গণেশ দাসৰ নেতৃত্বত এই দিহানাম প্রদর্শনৰ ব্যৱস্থা লোৱা হৈছিল৷ নগাঁৱত সমৱেত হোৱা মহিলাসকলে উদ্যোক্তাসকলে তেওঁলোকক প্রতাৰণা কৰাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ক্ষুব্ধ মহিলাসকলে উদ্যোক্তাসকলৰ বিষয়ববীয়াক প্রহাৰো কৰে৷ পিছত পৰিস্থিতি অধিক অৱনতি ঘটাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলগীয়া হয়৷ অভিযোগ মতে দিহানাম সমিতিৰ সভাপতি গণেশ দাস বহু পলমকৈ অহাৰ বাবে সংঘটিত হয় এই ঘটনা৷ গীনিজ বুক অৱ ৰেকর্ডৰ প্রতিনিধি অহাৰ কথা আছিল যদিও তেওঁলোক নাহিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে দিহানাম সমিতিৰ সভাপতি গণেশ দাস আৰু এগৰাকী মহিলাক আটক কৰি থানালৈ লৈ যায়৷ তেওঁলোকক থানাত সোধা–পোছা অব্যাহত ৰাখিছে৷ আয়োজকৰ চৰম প্রৱঞ্চনাৰ বাবে কালি পুৱা দহ বজাৰ পৰা খাপপিটি ৰৈ থাকিও দিহানামৰ শিল্পীসকলে দিহানাম পৰিৱেশন কৰিব নোৱাৰিলে৷ পুৱা দহ বজাৰ পৰা বিয়লি চাৰি বজালৈকে দিহানাম সমিতিৰ সভাপতি গণেশ দাস প্রমুখ্যে আয়োজকসকলৰ প্রতীক্ষাত লঘোনে–ভোকে ৰৈ থকা দিহানাম দলৰ সদস্যসকলক আনকি পানী এটুপিও যোগান ধৰা নাছিল ৷ দিহানামৰ ৰেকর্ড গঢ়াৰ নামত দিহানামৰ দলসমূহক নগাঁৱলৈ মতাই আনি প্রৱঞ্চনা কৰাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷ কালিৰ এই অবাঞ্ছিত ঘটনাই নগাঁৱত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

প্ৰেৰক কনক হাজৰিকা

You might also like