নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰীয়া কন্যাৰ গাত গৰম তেল ঢালিলে পিতৃ–মাতৃয়ে

🔹 শিলচৰত চৰম অমানৱীয় ঘটনা

বিশেষ বাৰ্তা, ২ জুন : শিলচৰত কালি এটা লোমহর্ষক ঘটনা সংঘটিত হয় ৷ তিনি বছৰীয়া কণমানি কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি শিশুটিৰ গাত গৰম তেল ঢালি দিয়ে জন্মদাতা পাষাণ পিতৃ–মাতৃয়ে৷ এই জঘন্য ঘটনাটো সংঘটিত হৈছে শিলচৰ চহৰৰ সোণাই ৰোডৰ ফেক্টৰী লেনত৷ সোণাই ৰোডৰ ফেক্টৰী লেনৰ এটা ভাৰাঘৰত বসবাস কৰে তেওঁলোকে৷ তিনি বছৰীয়া শিশুৰ কান্দোন সহ্য কৰিব নোৱাৰি পিতৃ–মাতৃয়ে শিশুটিৰ শৰীৰত গৰম তেল ঢালি দিয়ে৷ গৰম তেলৰ বাবে অজ্ঞান হৈ পৰা শিশুটিক ঘৰত এৰি পলায়ন কৰে পিতৃ–মাতৃয়ে৷ স্থানীয় ৰাইজে ঘটনা সন্দর্ভত খবৰ দিয়ে আৰক্ষীক৷ কালি পুৱাৰ ভাগত চাইল্ড লাইন হেল্পত খবৰ দিয়াৰ পিছত হেল্পলাইনৰ সদস্যই ৰাংগিৰখাড়ি আৰক্ষীক শিশুটিৰ ঘৰলৈ লৈ যায়৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে পাষাণ পিতৃ ৰাজদীপ দাস আৰু মাতৃ জবা দাসক৷ তদুপৰি শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ পঠিয়ায়৷

You might also like