নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল মৰঙিৰ ৰাইজ

নিয়মীয়া বাৰ্তা,  ১৯ ছেপ্টেম্বৰ : অসম চৰকাৰে সমাজৰ কেঞ্চাৰস্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ছোৱাত গোলাঘাটৰ আৰক্ষীয়েও নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাতৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু তাৰ মাজতো মৰঙিৰ লুৰুকিহাটৰ পৰাই অব্যাহত আছিল নিষিদ্ধ ড্ৰাগছৰ চোৰাং ব্যৱসায়৷ লুৰুকিহাটৰ ড্ৰাগছৰ ব্যৱসায়ীয়ে কিশোৰৰ লগতে মহিলাকো ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰিছিল৷ শেহতীয়াকৈ গোলাঘাটৰ আৰক্ষীয়ে লুৰুকিহাটৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ যোৱা সময়ছোৱাত বহুকেইটা ড্ৰাগছ ব্যৱসায়ীক গোলাঘাটৰ আৰক্ষীয়ে আটক কৰিবলৈও সক্ষম হৈছে৷ যোৱা শনিবাৰেও আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত লুৰুকিহাট আৰু কাষৰীয়া ঢুলীয়া গাঁৱত অভিযান চলায়৷ বিশেষকৈ দিগন্ত বৰা নামৰ চোৰাং ড্ৰাগছৰ ব্যৱসায়ীটোক জালত পেলোৱাৰ লক্ষ্যৰেই আৰক্ষীয়ে অভিযান চলাইছিল যদিও আৰক্ষী উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ীটো পলাই যায়৷ আৰক্ষীয়ে দিগন্ত বৰাৰ আত্মসমৰ্পণৰ বাবে এসপ্তাহ সময় দিছে৷ তাৰ পাছতে কালি ঢুলীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এই ড্ৰাগছবিৰোধী সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়৷ ঢুলীয়া গাঁও আৰু লুৰুকিহাট গাঁৱৰ পাঁচ শতাধিক লোকে উক্ত পদযাত্ৰাত অংশ লৈ সমাজলৈ এক বাৰ্তা দিবলৈ চেষ্টা কৰে৷ ঢুলীয়া গাঁও গাওঁৰক্ষী বাহিনীৰ পদক্ষেপক মৰঙিৰ সকলোৱে আদৰণি জনোৱাৰ লগতে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত থাকিব বুলিও সকলোৱে আশা কৰিছে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like