নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ পৰা চুৰি হোৱা জলজীৱনৰ দহ লাখ টকাৰ পাইপ টীয়কত উদ্ধাৰ

🔴 জলজীৱনৰ ১০ লাখ টকাৰ পাইপ চুৰি কাণ্ডৰ নাটকীয় মোৰ

🔴 জলজীৱনৰ পাইপ চুৰিত নামিল জলজীৱনৰেই ঠিকাদাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ঠিকাদাৰৰ অধীনস্থ এটা গুদামৰ পৰা এটা মাহৰ পুৰ্বে চুৰি কৰি নিয়া বৃহত পৰিমাণৰ পাইপ টীয়ক অঞ্চলৰ এটা নিৰ্মীয়মাণ পানী যোগান প্ৰকল্পৰ পৰা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গুদাম ঘৰৰ ৰখীয়াৰ সৈতে বুজাবুজি কৰি বৃহতসংখ্যক পাইপ চুৰি কৰি নিয়া এই বৃহত চুৰি কাৰ্য্যৰ মূল অভিযুক্তদ্বয়ক আৰক্ষীয়ে আটক কৰাৰ পিছতো ৰহস্যজনকভাৱে মুকলি হৈ যোৱা ঘটনাক লৈয়ে সৃষ্টি হৈছে আন এক চাঞ্চল্যৰ ৷ ইতিমধ্যে সমগ্ৰ ঘটনা যাতে কোনো কাৰণতেই অধিক ৰাজহুৱা নহয়, তাৰ বাবে অভিযুক্ত পক্ষই বৃহত পৰিমাণৰ ধন ব্যয় কৰাৰ ঘটনাই সমগ্ৰ ঘটনা অধিক ৰহস্যঘন কৰি তুলিছে ৷ প্ৰাপ্ত বাতৰি মতে, ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো ৰূপায়ণ হৈ থকা জল জীৱন মিছনৰ কেইবাটাও প্ৰকল্পৰ ঠিকা আবন্টন পোৱা ময়ূৰ বৰা নামৰ প্ৰতিস্থিত ঠিকাদাৰগৰাকীৰ শ্ৰী মাঞ্চা ইণ্ডাষ্ট্ৰীজৰ এটা গুদাম আছিল শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৷ কিন্তু আজিৰ পৰা কিছুদিনৰ পুৰ্বে গুদাম ঘৰটোত প্ৰকল্প ৰূপায়ণৰ বাবে মজুত কৰি ৰখা পাইপ গুদাম ঘৰৰ চৌহদৰ পৰা অন্তৰ্ধান হয় ৷ লগে লগেই এই সন্দৰ্ভত শ্ৰী মাঞ্চা ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ ময়ূৰ বৰাই শিৱসাগৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিত গোপন অনুসন্ধান চলাই শিৱসাগৰ আৰক্ষীয়ে টীয়ক আৰক্ষীৰ সহযোগত টীয়কত সম্প্ৰতি ৰূপায়ণ হৈ থকা এটা পানী যোগান প্ৰকল্পৰ চৌহদৰ পৰা উক্ত পাইপখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে প্ৰকল্পটোৰ চোৱাচিতাৰ দায়িত্বত থকা এগৰাকী সাধাৰণ কৰ্মচাৰীক আৰক্ষীয়ে সোধা-পোছা কৰাত কৰ্মচাৰীজনে নিৰ্মীয়মাণ অৱস্থাত থকা প্ৰকল্পটোৰ ঠিকাদাৰ দেৱজিত গগৈয়ে সেই পাইপসমূহ তাত ৰখা বুলি স্বীকাৰ কৰে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে জল জীৱনৰ অন্যতম ঠিকাদাৰ দেৱজিত গগৈ, চকীদাৰ ৰাজেন গগৈ ওৰফে ৰুস্তম আৰু পৰশ নামৰ আন এজন ঠিকাদাৰকো আটক কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সুত্ৰই জানিবলৈ দিয়া মতে, ময়ূৰ বৰাৰ গুদামৰ ৰখীয়া ৰাজেন ওৰফে ৰুস্তমে কেইবালাখ টকাৰ বিনিময়ত দেৱজিত গগৈ নামৰ ঠিকাদাৰগৰাকীক এই পাইপসমূহ বিক্ৰী কৰিছিল ৷ কিছুদিনৰ পুৰ্বে স্বত্বাধিকাৰী ময়ূৰ বৰাৰ অজ্ঞাতে জলজীৱনৰ পাইপসমুহ তিনিখন গাড়ীৰে শিৱসাগৰৰ পৰা টীয়কলৈ দেৱজিত আৰু পৰশে নিছিল ৷ স্বাভাৱিকতেই ইমান এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পিছত শিৱসাগৰ আৰক্ষীয়ে মূল অভিযুক্ত তথা পাইপ চোৰ দেৱজিত, পৰশ আৰু চকীদাৰ ৰাজেন ওৰফে ৰুস্তমক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত সোধা-পোছা কৰি চাঞ্চল্যকৰ চুৰি কাণ্ডত ব্যৱহৃত গাড়ীকেইখন জব্দৰ লগতে পাইপ বিক্ৰী কৰি লাভ কৰা ধন উদ্ধাৰ কৰিবৰ বাবে তীব্ৰ অভিযান চলাব লাগিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে এজাহাৰকাৰীয়ে হঠাত এক ৰহস্যজনক স্থিতি গ্ৰহণ কৰি এজাহাৰ প্ৰত্যাহাৰ কৰি তিনিও অভিযুক্তক মুকলি কৰাৰ পথ সুগম কৰা ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷ আন নালাগে, দীৰ্ঘ সময় সদৰ থানাত সোমাই থকা তিনিওটা পাইপ চোৰ আৰু এজাহাৰকাৰী ঠিকাদাৰগৰাকীয়ে সমগ্ৰ ঘটনা যাতে অধিক ৰাজহুৱা নহয়, তাৰ বাবে বৃহত পৰিমাণৰ ধন ব্যয় কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ ইফালে, গোচৰ তৰি গোচৰ প্ৰত্যাহাৰ কৰাৰ আঁৰত ৰাইজে গভীৰ ৰহস্য নিহিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ যিহেতু দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখ্যাত জলজীৱন মিছনত শিৱসাগৰ জিলাত ৰূপায়ণ হৈ থকা আঁচনিসমুহত ব্যাপক অনিয়ম-জালিয়াতি সংঘটিত হৈ অহাৰ লগতে নিবিদা স্বত্বত উল্লেখ থকা নিৰ্দিষ্ট গুণগত মানবিশিষ্ট সামগ্ৰীৰ পৰিৱৰ্তে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো একাধিক অভিযোগ উত্থাপন হৈ আহিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত টীয়কত উদ্ধাৰ হোৱা সামগ্ৰীসমুহ নিবিদা স্বত্বৰ আওতাৰ বাহিৰৰ হোৱাৰ বাবেই গোচৰে নাটকীয় মোৰ লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ ইফালে, শিৱসাগৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাকৈ কেনেকৈ টীয়কত অভিযান চলাই সামগ্ৰী জব্দ কৰিলে, তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে ৷ যদিহে গোচৰ পঞ্জীয়ন কৰি অভিযান চলাইছিল, তেন্তে ২৪ ঘন্টাৰ পিছত কেনেকৈ থানাৰ পৰাই গোচৰ প্ৰত্যাহাৰ হল, সেয়া এক লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ একে সময়তে দহ লাখ টকাৰ চুৰি হোৱা পাইপ স্পষ্ট সাক্ষ্য প্ৰমাণসহ উদ্ধাৰ কৰাৰ লগতে তিনি চোৰক আটকৰ পিছত পুনৰ ২৪ ঘন্টাৰ পিছত গোচৰ প্ৰত্যাহাৰ, অভিযুক্তক মুকলি ইত্যাদি বিষয়বোৰ শূন্য সহনশীল নীতিৰ বিৰুদ্ধেহে বুলি সৰৱ চৰ্চা আৰম্ভ হৈছে ৷ সচেতন মহলে জলজীৱনৰ দৰে ৰাষ্ট্ৰীয় মানৰ আঁচনিৰ নামত সংঘটিত ভয়ংকৰ চুৰিৰ ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক তদন্তৰ দাবী জনাইছে ৷

প্ৰেৰক  আশ্ৰফুৰ ৰহমান

You might also like