নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাট মিৰিত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱানিশা গুদামঘাট মিৰিৰ এজন লোকৰ ঘৰলৈ কাছাৰৰ দুজন ব্যৱসায়ী ক্ৰমে চালেহ আহমেদ আৰু ফাৰহাজ চিদ্দিকী ব্যৱসায়িক কাৰণত আহিছিল।তেওঁলোকৰ গুদামাঘাটৰ হজৰত আলি নামৰ লোকজনৰ সৈতে ব্যৱসায়ীক কাম আছিল। কিন্তু সুৰজ আলি নামৰ অন্য এজন লোকে হজৰত আলি নামৰ লোকজনৰ স্থানলৈ অহাৰ পিছত ফাৰহাজ চিদ্দিকীৰ সৈতে ব্যৱসায়ীক কাৰণত দুয়োৰে বাক বিতণ্ডা হয়। উক্ত স্থানত উপস্থিত চালেহ আহমেদে হঠাতে সুৰজলৈ পিষ্টলেৰে দুই জাঁই গুলী কৰে। অৱশ্য সুৰজে কোনোৰকমে ঘটনাস্থলীপৰা পলায়ন কৰিবলৈ সক্ষম হয়। পিছত সুৰজে পুনৰ ঘটনাস্থলীত উপস্থিত হৈ হাতত চোকা অস্ত্ৰ লৈ চালেহক আক্ৰমণ কৰে। ঘটনাস্থলীত গুলীৰ শব্দ শুনি স্থানীয় ৰাইজ সমবেত হৈ দুয়োকে আৱদ্ধ কৰি চাৰিদুৱাৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে দুয়োকে আটক কৰাৰ লগতে দুয়োৰে বিৰুদ্ধে ১৫৪/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি )/৪৪৮/৩০৭ আৰু ২৫ (১ এ) /২৭ অস্ত্ৰ আইনৰ অধীনৰ বেলেগে বেলেগে গোচৰ ৰুজু কৰিছে । আনহাতে ঘটনাস্থলীত চালেহৰপৰা . ২২ পিষ্টল, ৪ জাঁই সজীৱ গুলী, মটৰচাইকেল, মোবাইল উদ্ধাৰ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল বৰা