নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত ঢকুৱাখনাৰ অয়ন থিয়েটাৰৰ শকুনিৰ প্ৰতিশোধ নাট মঞ্চস্থ

বিশেষ বাৰ্তা, ২৪ মাৰ্চ : টংলাৰ ব্লেকবস্ক, দাপোণ- দ্যা মিৰ’ৰৰ বাকৰিত  যোৱা ১৫ মাৰ্চত ঢকুৱাখনাৰ অয়ন থিয়েটাৰৰ শিল্পীসকলে মঞ্চস্থ কৰে পাপৰি কবি গণেশ গগৈৰ ৰচিত আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অৰুন্ধতী কলিতাৰ পৰিচালিত শকুনিৰ  প্ৰতিশোধ। বলিষ্ঠ অভিনয়, সুমধুৰ সংগীত আৰু পোহৰৰ সংমিশ্রণে ঢকুৱাখনাৰ নাট্য দলটিয়ে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। ব্যতিক্রমী সাজসজ্জা আৰু গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ আলম লৈ খোল, তাল, ডবা, শংখ আদিৰে পৰিচালকে নাটখনিক এক সুকীয়া মযৰ্দা প্ৰদান কৰে। মননশীল অভিনয়ৰে প্ৰত্যেক গৰাকী অভিনেতা-অভিনেত্ৰীয়ে নিজৰ চৰিত্ৰ সমূহ সুন্দৰকৈ ফুটাই তুলি দৰ্শকক নাটখনিৰ সাৰমৰ্ম উপলব্ধি কৰাত সহায় কৰে। নাটখনিৰ বিভিন্ন চৰিত্ৰ সমূহৰ ভিতৰত শকুনিৰ নাম ভূমিকাত কল্যাণ দত্তই সুন্দৰ অভিনয়েৰে সকলোকে আপ্লুত কৰে।

🔴 সদনত ৰূপজ্যোতি কুৰ্মীৰ আচৰণ গৰিহণাৰ যোগ্য, তেখেতক সমালোচনা কৰি আমি শেষ কৰি দিব পাৰোঁ, তেনে কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিনিধিত্ব কৰা জাতিটোৰ কণ্ঠ ৰুদ্ধ কৰা হ’ব : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰোপৰি আন চৰিত্ৰসমূহৰ ভিতৰত দু্ৰ্যোধনৰ চৰিত্ৰত যতীন কলিতা, দুঃশাসন ৰ চৰিত্ৰত দ্বীপৰঞ্জন সন্দিকৈ আৰু কৰ্ণৰ চৰিত্ৰত ৰক্তিম বুঢ়াগোহাঁইৰ অভিনয় যথেষ্ট প্ৰসংশনীয়। নাট খনিত  কৃষ্ণৰ চৰিত্ৰটি সুন্দৰকৈ উপস্থাপন কৰে সুদৰ্শন দত্তই। পাণ্ডৱৰ হৈ যুধিষ্ঠিৰৰ চৰিত্ৰত পুলকেশ বৰুৱা, ভীমৰ চৰিত্ৰত প্ৰাঞ্জল মজিন্দাৰ, অৰ্জুনৰ চৰিত্ৰত কৌশিক দত্ত, সহদেৱ আৰু বৈৰাগীৰ চৰিত্ৰত মৃগাংক বড়াৰ অভিনয় আছিল যথেষ্ট উচ্চ মানদণ্ডৰ। নাট খনিত ধৃতৰাষ্ট্ৰ আৰু শল্যৰ দ্বৈত চৰিত্ৰ সাৱলীলভাবে উপস্থাপন কৰে খনীন্দ্ৰ দাসে। নাৰী চৰিত্ৰত গান্ধাৰীৰ  ভাৱত জোনালী  দত্তৰ লগতে পদ্মা আৰু দ্ৰৌপদীৰ দ্বৈত ভাৱত প্ৰাৰ্থনা চুতীয়াই অভিনয় কৰে। দুয়োগৰাকী  নাৰী চৰিত্ৰই সুন্দৰ অভিনয়ৰে দৰ্শকৰ বিশেষ প্ৰশংসা লাভ কৰে। নাট্য দলটিত বাঁহীবাদক ধনজ্যোতি  বৰাই সুন্দৰ সংগীতেৰে নাটখন আৰু বেছি মনোগ্রাহী কৰি তোলে। নাটখনিত পোহৰৰ ব্যৱস্থাপনা কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নৰেশ  পাল সিং চৌহানে।

প্ৰেৰক ৰাজীৱ বৰুৱা

You might also like