নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : নাগৰিকত্ব সংশোধনী আইন চমুকৈ “কা” বাতিলৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ আজি বজালী সদৰ পাঠশালাত পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ আইনখন বাতিলৰ দাবী জনাই এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক প্রাঞ্জল দাস স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ কৰি কয় যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ “কা” গৃহীত হোৱাৰ পিছত অস্তিত্বৰ সংকটত থকা অসমীয়া জাতি অসমত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে৷ কাৰণ কা বলৱৎ হ’লে বিদেশী লোকে ব্যাপকভাৱে ভাৰতত নাগৰিকত্ব গ্রহণ কৰিব আৰু ইয়াৰ ফলত অসমৰ জনবিন্যাসৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ লগতে অসমত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাব আৰু ইতিমধ্যে অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনৰ বাবে নিঃশেষ হ’ব। ভাৰতৰ অধিকাংশ ৰাজ্য ভাষাৰ ভিত্তিত গঠিত। অসমো ভাষাৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্য। আনকি বৃহত্তৰ অসমীয়া জাতিটোও ভাষাৰ ভিত্তিত গঠন হৈছে। ‘কা’ বলৱৎ হোৱাৰ পিছত তাৎক্ষণিকভাৱে ভাষাৰ গৰিষ্ঠতাৰ ভিত্তিত অসম এখন বাংলা ভাষাপ্রধান ৰাজ্য হ’ব বুলি মন্তব্য কৰি স্মাৰক-পত্ৰখনত পৰিষদে কয় যে এনে এক ভয়াৱহ ভবিষ্যতৰ আশংকা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ আৰু অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন তথা অসমৰ সকলো থলুৱা খিলঞ্জীয়া ৰাইজে এই আইনৰ বিৰোধিতা কৰি আইনখন গণতান্ত্রিক প্রতিবাদৰ জৰিয়তে বাতিলৰ দাবী জনাই আহিছে। তেওঁলোকে স্মাৰক-পত্ৰখনত এয়াও উল্লেখ কৰে যে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে পৰিষদৰ বজালী জিলা সমিতেও পাঠশালাত এই কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰক-পত্ৰযোগে অনতিবিলম্বে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বাতিলৰ কাৰ্যকৰী ব্যৱস্থা ল’বলৈ দাবী জনাই অসমীয়া ৰাইজৰ দাবীক সন্মান জনাই নাগৰিকত্ব সংশোধনী আইনখন তাৎক্ষণিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰে৷ অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ সহযোগত ব্যাপক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি স্মাৰক-পত্ৰখনত উল্লেখ কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like