নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত পি এম শ্ৰী আঁচনিৰ শুভাৰম্ভ বিধায়ক নৱ দলেৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ভাৰত চৰকাৰৰ অভিলাষী পি এম শ্ৰী আঁ‌চনিৰ জৰিয়তে আদৰ্শ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলগীয়া ঢকুৱাখনা শিক্ষাখণ্ড তথা ঢকুৱাখনা বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা শিঙিয়া পঞ্চায়তৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয় উন্নীতকৰণ প্ৰকল্পৰ অংশ হিচাপে আজি অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। দেশজুৰি চলি থকা পি এম শ্ৰী আঁ‌চনিৰ জৰিয়তে অহা তিনি বছৰত পৰ্যায়ক্ৰমে লাভ কৰিবলগীয়া দুই কোটি টকাৰ পুঁ‌জিৰে গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন তথা বিদ্যালয়খনত বিভিন্ন শৈক্ষিক সা-সুবিধা সৃষ্টি কৰা হ’ব। আজিৰ এই অনুষ্ঠানত সমাজকৰ্মী যতীন্দ্ৰ বৰুৱা, সুনীল দলে, হেম বৰুৱা, ভবেন্দ্ৰ নাথ ভৰালীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক পৃথু বৰা, বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী ভোগেশ্বৰী গগৈ, চি আৰ চি চি হেমন্ত কুমাৰ বৰুৱা, সমগ্ৰ শিক্ষা অভিযানৰ কনিষ্ঠ অভিযন্তা আৰিফুল ইছলাম প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপম কোচ, স্থানীয় প্ৰতিনিধিসকল আৰু বহুসংখ্যক অভিভাৱকৰ লগতে সচেতন ৰাইজ উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like