নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী ৰাজীৱ শদিয়াৰ ভূমি জালিয়াতিৰে ৫০ লাখ ঋণ লৈ পলাল পিএনবিৰ মেনেজাৰ

🔹 কঠোৰতম শাস্তিৰ সকীয়নি আলফা স্বাধীনৰ

বিশেষ বার্তা, ২৫ জানুৱাৰী : শিল্পী ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত ভূমি ষড়যন্ত্রৰে বণিয়া আনন্দ ৰাচিবাচিয়া আৰু পাঞ্জাব নেচনেল বেংকৰ পৰিচালক অমিত ঝাহ জালিয়াতি কৰি ঋণ লৈ পলায়ন কৰাক লৈ আলফা স্বাধীনৰ তৰফৰ পৰা এখন পত্র প্রেৰণ কৰিছে৷ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ প্রচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেণ্ট ঈশান অসম স্বাক্ষৰিত পত্রৰ জৰিয়তে এই ষড়যন্ত্রৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে৷ পত্রত উল্লেখ কৰা অনুসৰি– ‘একবিংশ শতিকাত অসমৰ থলগিৰি জনগণৰ জাতি–মাটি–ভেটিৰ হকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱপ্রজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰখা গণশিল্পীলৈ পর্যবসিত হোৱা সদ্যপ্রয়াত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াই শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে৷ আনহাতে, মনোজ চুতীয়াই অজ্ঞাতে তেওঁক অভিভাৱক সজাই তদানীন্তন পাঞ্জাব নেচনেল বেংক তিনিচুকীয়া শাখাৰ প্রবন্ধক অমিত ঝা আৰু তেওঁৰ সহযোগী আনন্দ ৰাচিবাচিয়াই মনোজ চুতীয়াৰ নথি–পত্র জালিয়াতিৰে পাঞ্জাব নেচনেল বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ সম্প্রতি অসম এৰিছে৷ এনে পৰিপ্রেক্ষিতত পাঞ্জাব নেচনেল বেংক কর্তৃপক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্রত লিপ্ত হৈছে, তেনে ষড়যন্ত্রৰ পৰা বিৰত থাকিবলৈ ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ তৰফৰ পৰা নির্দেশনা প্রদান কৰা হৈছে৷ এই নির্দেশনা অমান্য কৰি কোনো ব্যক্তিবিশেষ অথবা প্রতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল’বলৈ বাধ্য থাকিব৷’ উল্লেখ্য যে ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ৰসবাৰী পর্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰিছিল শিল্পী ৰাজীৱ শদিয়া৷ মঞ্চত দুটা গীত পৰিৱেশন কৰাৰ পাছতে হঠাৎ মঞ্চৰ পৰা তললৈ বাগৰি পৰে৷ পৰৱর্তী সময়ত ততাতৈয়াকৈ উদ্যোক্তা তথা সতীর্থসকলে ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নার্ছিং হোমলৈ লৈ যায় যদিও পিছত ডিব্রুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হয় শিল্পী ৰাজীৱ শদিয়াক৷ কিন্তু দুর্ভাগ্য যে ১৩ জানুৱাৰীৰ দিনৰ ভাগত শিল্পীগৰাকীয়ে প্রাণত্যাগ কৰে৷ শিল্পীগৰাকীয়ে প্রাণত্যাগ কৰাৰ পাছতে শেষ যাত্রালৈ হাজাৰ হাজাৰ লোক ওলাই আহি ৰাজীৱ শদিয়া অমৰ হওক শ্লোগান দিয়াত মুখৰ হৈ পৰিছিল শদিয়া৷ চিকিৎসকৰ মতে ৰাজীৱ শদিয়াৰ ৰক্তচাপ অতি নিম্ন হৈ পৰে৷

You might also like