🔹 দক্ষিণ শালমাৰা-মানকাচৰত অঘটন
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এক অঘটন সংঘটিত হয় ।ভুটভুটী নাৱৰ পৰা ভৰি পিছলি ব্ৰহ্মপুত্ৰ নদীত পৰে এজন আৰক্ষী জোৱান। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকে পুৱাই বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই অঘটন ।
উপ-আৰক্ষী অধীক্ষক চন্দ্ৰ কুমাৰ কলিতাৰ ব্যক্তিগত দেহৰক্ষী জোৱান এজনৰ ভৰি পিছলি ব্ৰহ্মপুত্ৰ নদীত পৰি যায়। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা বন্দিহানালৈ নাৱেৰে গৈ থকাৰ সময়তে বাউশকাটাৰ কাছাৰীপাৰাত ব্ৰহ্মপুত্ৰ নদীত পৰে আৰক্ষী জোৱানজন। উপ-আৰক্ষী অধীক্ষকৰ দেহৰক্ষী জোৱানজনৰ নাম কৌশল কলিতা বুলি জানিব পৰা গৈছে। ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুং-সূত্ৰ পোৱা নাই জোৱানজনৰ। ঘটনাস্থলীত ইতিমধ্যে SDRF বাহিনী উপস্থিত হৈছে।
প্ৰেৰক ফাৰহাদ আহমেদ