নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালচক্র পূর্ণাংগ পঞ্জিকাৰ ভৱিষ্যদ্বাণী, কৃষিৰ অধিপতি শনি

📌 বিজেপিয়ে বিধানসভা নির্বাচনত লাভ কৰিব ভাল ফলাফল

📌  কৃষিৰ অধিপতি শনিৰ দৃষ্টিত শস্য শ্যামলা হ’ব অসম

📌 মাৰক গ্রহ শনিৰ কু–দৃষ্টিত ৰাজ্যত আইন–শৃংখলা অৱনমিত হোৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জানুৱাৰীঃ ২০২৬ চনৰ বিধানসভা নির্বাচনক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে যদিও নির্বাচনটোত অসমত পুনৰ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হ’ব চৰকাৰ৷– গুৱাহাটী প্রেছ ক্লাবত কালচক্র পূর্ণাংগ পঞ্জিকাৰ একাদশ বর্ষ সংখ্যাটো আনুষ্ঠানিকভাৱে মুকলি কৰি এই ভৱিষ্যদ্বাণী কৰিছে ৰাজজ্যোতিষী পুলিন চন্দ্র দেৱ শর্মাই৷ তেওঁ কয় যে অসমৰ ৰাজনৈতিক পট পৰিৱর্তনৰ ক্ষেত্রত কোনো বিশেষ প্রভাৱ নপৰে, যদিহে ২০২৬ বর্ষৰ বিধানসভা নির্বাচন এপ্রিল মাহৰ পূর্বে অনুষ্ঠিত হয়৷ গণনা মতে নির্বাচন অনুষ্ঠিত হ’লে পূর্বতকৈ অধিক ভাল ফলাফলহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত শাসকীয় বিজেপি দলে লাভ কৰিব৷ ১০০ শতাংশই সুফল বিজেপিয়ে পাব৷ এপ্রিলৰ পিছত যদিহে কেনেবাকৈ নির্বাচন পিছুৱায়, তেন্তে হয়তো কিছু অথন্তৰ ঘটিব পাৰে৷ কিন্তু চৰকাৰ বিজেপিৰে হোৱাটো গণনাই ইংগিত প্রদান কৰিছে৷ আনহাতে, বিৰোধী দলৰ ভাগ্যচক্র গণনা কৰি তেওঁ কয় যে বিৰোধীৰ ক্ষেত্রত উত্থান বিশেষ নাই যদিও কিছু অগ্রগতি আগন্তুক বিধানসভা নির্বাচনত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে অধিক অনুকূল পৰিৱেশ বিৰোধীৰ বাবে ২০২৬ৰ বিধানসভা নির্বাচনতো নোহোৱাৰ ইংগিত গণনাই দেখুৱাইছে৷ অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ক্ষেত্রতো আগন্তুক বর্ষটো পৰিস্থিতি অনুকূল হোৱাৰ সম্ভাৱনা যথেষ্ট কম৷ ৰাজনৈতিক ক্ষেত্রখনৰ বাদেও ৰাজ্যৰ আন দিশতো আলোকপাত কৰে জ্যোতিষী পুলিন চন্দ্র দেৱ শর্মাই৷ ৰবি, বুধ, শুক্র আৰু ৰাহুৰ কাৰকতা অনুসৰি নতুন কল–কাৰখানা, উদ্যোগ, প্রতিষ্ঠান, যাতায়াতৰ উন্নতি, ৰাজহ বৃদ্ধি, শিক্ষা, বিজ্ঞান, সাহিত্য, কলা–সংস্কৃতি, গৱেষণা তথা জনহিতকৰ কামত চৰকাৰৰ তৎপৰতা অব্যাহত থকাৰ যোগ সূচিত হৈছে৷ শুক্র ৰাহুযুক্ত হোৱাটো ৰাজনৈতিক আমোলা–বিষয়া, উচ্চপদস্থ চৰকাৰী কর্মচাৰী দুর্নীতিগ্রস্ত হোৱাৰ অপবাদ অহাৰ সম্ভাৱনা প্রবল দেখা গৈছে৷ জলসিঞ্চন, মুদ্রণ, লেখন সামগ্রী, পর্যটন আদিকে ধৰি বহু বিভাগত দুর্নীতি, কেলেংকাৰি, নির্যাতন, অপৰাধজনিত কার্যকলাপ বৃদ্ধিৰ যোগ এইবাৰ গণনাই সূচাইছে৷ বিভাগসমূহে স্বতন্ত্রভাৱে নির্ণয় লোৱাত বহু সমস্যাৰ সৃষ্টি হ’ব৷ অৱশ্যে ইয়াৰ মাজতো বুধ জলাধিপতি আৰু শনি শস্যাধিপতি হোৱাৰ বাবে কৃষিৰ অধিপতি এইবাৰ শনিগ্রহ হৈছে৷ যাৰ বাবে ৰাজ্যত শস্য বৃদ্ধিৰ যোগ দেখা গৈছে৷ কৃষিৰ অধিপতি শনিৰ দৃষ্টিত অসম এইবাৰ শস্য শ্যামলা হ’ব৷ নিয়মিত বৃষ্টি অসমত হ’ব আৰু ৰবি মন্ত্রী হোৱাৰ বাবে প্রাকৃতিক দুর্যোগ আদি বহু পৰিমাণে পূর্বতকৈ কমিব৷ আনহাতে, মাৰক গ্রহ শনিৰ কোপদৃষ্টিত ৰাজ্যৰ আইন–শৃংখলা কিছু অৱনমিত হ’ব বুলিও জ্যোতিষী শর্মাই লগতে কয়৷ ভাতৃস্থানত কেতুৱে অৱস্থান কৰাত আৰু বৃহস্পতিৰ পূর্ণ দৃষ্টিৰ বাবে বহু গোপন শত্রুৱে কূটাঘাতমূলক কাম কৰিবলৈ চেষ্টা চলাব যদিও ব্যর্থ হ’ব৷ অৱশ্যে ইয়াৰ মাজতো ৰাজ্যৰ সাম্প্রদায়িক সংঘর্ষ অথবা সাম্প্রদায়িক বিষবাষ্প অধিক বিয়পাৰ সম্ভাৱনা আগন্তুক বছৰটোত আছে৷ শত্রু বা ৰোগ স্থানত অধিপতি তথা ভাগ্য স্থানৰ অধিপতি বৃহস্পতি ৰজা হৈ আয় স্থানত অৱস্থান কৰাত আর্থিক ক্ষেত্রখনত অসমে বহু সমস্যাৰ সন্মুখীন হ’ব আৰু বহু ঋণৰ বোজা বহন কৰিবলগা হ’ব যদিও নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব৷ ৰাজ্যখনত বিভিন্ন ধৰণৰ ব্যাধি, যান–বাহন আদিয়ে জনসাধাৰণৰ বিস্তৰ ক্ষতি অথবা প্রাণহানিৰ যোগো এইবেলি গণনাত দেখা গৈছে৷ শাসকীয় দলৰ ক্ষেত্রত দলীয় নেতৃবৃন্দৰ মাজত মতানৈক্যৰ ফলত কিছু দলীয় সংঘাতৰ সৃষ্টি হৈ আসন ব্যৱস্থাত বাধা আহিলেও অৱশেষত সফলতা বিজেপি দলেই লাভ কৰিব৷ ৰবি তুংগীৰ প্রভাৱত বিৰোধী দলবোৰ প্রায় নিষ্ক্রিয় হৈ পৰিব৷ ৰবি আৰু চন্দ্র গ্রহই ভাগ্য স্থানত অৱস্থান কৰাত আৰু বৃহস্পতিয়ে পূর্ণ দৃষ্টি প্রদান কৰা বাবে চৰকাৰখনে নিজৰ কার্যকাল সুকলমে আৰু দক্ষতাৰে পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷ বিভিন্ন ঘাত–প্রতিঘাতে সময়ে সময়ে চৰকাৰখনক অতিষ্ঠ কৰি তুলিলেও সফলতাৰে চৰকাৰখনে সকলো বাধা–বিঘিনি অতিক্রম কৰি ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব৷ আজিৰ সংবাদ মেলত অংশ লৈ পঞ্জিকাখনৰ প্রকাশক ৰবীন্দ্র মোহন শর্মা আৰু গণনাকাৰী বিজিত পি শর্মাই পঞ্জিকাখনত ভাগ্য চক্রৰ লগতে কেইবাটাও নতুন বস্তু এইবাৰ সন্নিৱিষ্ট কৰা হৈছে বুলি মন্তব্য কৰে৷ সাধাৰণ ৰাইজে যাতে পঞ্জিকাখন সহজ–সৰলভাৱে বুজি পাব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি পঞ্জিকাখন প্রস্তুত কৰা হৈছে বুলি দুয়োজনে মন্তব্য কৰে৷ চন্দ্র প্রকাশনৰ দ্বাৰা প্রকাশিত পঞ্জিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বাস্তুশাস্ত্রবিদ ড০ অনিল বৰুৱাই৷

You might also like