নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ অক্টোবৰঃ সম্প্ৰতি তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত উপস্থিত হৈ মাজনিশা ইণ্ডোনেছিয়ালৈ ৰাওনা হ’ব। মন্ত্ৰীগৰাকীয়ে ২০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ইণ্ডোনেছিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব’ৱো চুবিয়ান্তোৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কূটনৈতিক সম্পৰ্কই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে ভাৰতৰ ‘এক্ট ইষ্ট’ পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে। ইণ্ডোনেছিয়া ‘এক্ট ইষ্ট’ পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ।

You might also like