নিউজ ডেস্ক, ৭ এপ্ৰিলঃ পেট্ৰ’ল আৰু ডিজেলৰ পিছত এতিয়া এল পি জি গেছৰ মূল্যও ৫০ টকা বৃদ্ধি কৰা হৈছে। মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আমি আগন্তুক দিনত পুনৰীক্ষণ কৰিম। আজি নিজেই কেন্দ্ৰীয় চৰকাৰেও ২ টকাকৈ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি কৰিছে। এল পি জি গেছ আৰু পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য আজি নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব।
চৰকাৰে দিয়া তথ্য অনুসৰি ২০২৫ চনৰ ৮ এপ্ৰিল মঙলবাৰৰ পৰা এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি সকলো গ্ৰাহক অৰ্থাৎ উজ্জ্বলা যোজনা আৰু নন-উজ্জ্বলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ মহিলাক বিনামূলীয়াকৈ গেছ সংযোগ দিয়া হয় যাতে তেওঁলোকে পৰিষ্কাৰ ৰন্ধন ইন্ধন অৰ্থাৎ এল পি জি লাভ কৰিব পাৰে। এই আঁচনিৰ সুবিধা গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক দিয়া হয়। এতিয়া নতুন মূল্য অনুযায়ী উজ্জ্বলা যোজনা আৰু অন্যান্য গ্ৰাহক দুয়োজনে গেছ চিলিণ্ডাৰৰ বাবে ৫০ টকা অধিক দিব লাগিব।
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হ’ব। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে এতিয়া গেছ চিলিণ্ডাৰৰ মূল্য ৫০০ টকাৰ পৰা ৫৫০ টকালৈ বৃদ্ধি পাব, আনহাতে আন গ্ৰাহকে এতিয়া ৮০৩ টকাৰ পৰিৱৰ্তে ৮৫৩ টকা দিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰীয়ে কয় যে এই সিদ্ধান্ত স্থায়ী নহয় আৰু প্ৰতি ২ৰ পৰা ৩ সপ্তাহৰ মূৰে মূৰে পৰ্যালোচনা কৰা হ’ব। ইয়াৰ লগতে পেট্ৰল-ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধিৰ বোজা সাধাৰণ ৰাইজৰ ওপৰত নপৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। তেল কোম্পানীক গেছ বিক্ৰী কৰি তেল কোম্পানী সমূহে হোৱা ৪৩ হাজাৰ কোটি টকাৰ লোকচানৰ ক্ষতিপূৰণৰ বাবে এই বৃদ্ধি কৰা হৈছে।