সুৰাপায়ীলৈ সকাহ : ৰাজ্যত হ্রাস হ’ব বিলাতী সুৰাৰ মূল্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ আগষ্টঃ ৰাজ্যত বৃদ্ধি পোৱা সুৰাৰ মূল্য হ্রাস কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ অৰুণাচলী সুৰাৰ সৈতে একেই মূল্য নির্ধাৰণ কৰি অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সুৰাৰ মূল্য হ্রাস কৰাৰ প্রস্তুতি চলাইছে৷ উল্লেখ্য যে ৰাজহ সংগ্রহৰ লক্ষ্যৰে কিছুদিন পূর্বে ৰাজ্যৰ আবকাৰী বিভাগে বৃদ্ধি কৰিছিল প্রতিবিধ সুৰাৰ দাম৷ এনে অৱস্থাত অবৈধভাৱে অৰুণাচলী সুৰাৰ ব্যাপক সৰবৰাহৰ ফলত ৰাজ্যত সুৰাৰ যোগেদি ৰাজহ সংগ্রহ যথেষ্ঠ হ্রাস পাইছিল৷ এই দিশটো আগত লৈয়ে আবকাৰী বিভাগে অৰুণাচলী সুৰাৰ মূল্যৰ সমান্তৰালকৈ অসমতো সুৰাৰ দাম হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ১ ছেপ্টেম্বৰৰ পৰা সুৰাৰ দাম হ্রাস কৰাৰ বাবে বিভাগে গ্রহণ কৰা এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ খাদ্য সামগ্রীৰ দাম নিয়ন্ত্রণত ব্যর্থ ৰাজ্য চৰকাৰখনে কিন্তু সুৰাৰ মূল্য হ্রাস কৰাৰ বাবে উঠি পৰি লাগিছে৷ ৰাজ্য চৰকাৰে সুৰাপ্রেমীৰ বাবে সুখবৰ কঢ়িয়াই ১ ছেপ্টেম্বৰৰ পৰা সুৰাৰ মূল্য হ্রাস কৰাৰ গ্রহণ কৰাৰ সিদ্ধান্তই সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ আবকাৰী বিভাগে শেহতীয়াকৈ প্রকাশ কৰা নির্দেশনা অনুসৰি সাধাৰণ, ৰেগুলাৰ আৰু লাকজাৰী প্রতিবিধ ব্রেণ্ডৰ সুৰাৰ মূল্য ৫ শতাংশৰ পৰা ৭ শতাংশলৈ হ্রাস কৰিছে৷ সেই অনুসৰি ৫ শতাংশ কম এলকহল থকা ৬৫০ মিলিমিটাৰত প্রতিটো বিয়েৰ বটলৰ দাম ২২ টকালৈ হ্রাস হ’ব৷ একেদৰে ৫ শতাংশ এলকহল থকা ৬৫০ মিলি লিটাৰত প্রতিটো বিয়েৰ বটলত দাম কমিব ৩৪ টকা৷ জেনেৰেল ব্রেণ্ডৰ ৭৫০ মিলিলিটাৰত ৰামৰ বটলত হ্রাস পাব ১১৭ টকা৷ ৰেগুলাৰ ব্রেণ্ডৰ ব্রেণ্ডি–হুইস্কি–জিনস অন্য সুৰাৰ ৭৫০ মিলিলিটাৰ বটলত ১৪৪ টকাকৈ হ্রাস পাব৷ লাকজাৰী ব্রেণ্ডৰ ব্রেণ্ডি –হুইস্কি–জিন ৭৫০ মিলি লিটাৰৰ বটলত দাম কমিব ১৬৬ টকাকৈ৷ সমান্তৰালভাৱে ৩৫০–৫০০ টকাৰ দৰৰ দামৰ ৭৫০ মিলিলিটাৰৰ বটলত ১৬৬ টকাকৈ হ্রাস পাব৷ ৫০০–৭০০ টকাৰ দামৰ ইলেগেণ্ট ব্রেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ব্রেণ্ডি–হুইস্কি–জিনৰ প্রতিটো বটলৰ দাম কমিব ২১৪ টকাকৈ৷