🔹 খানাপাৰাৰ পৰাই লোকসভা নির্বাচনৰ ৰণডংকা বজালে মোদীয়ে
ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্রুৱাৰী : কার্যতঃ খানাপাৰাৰ বিশাল সমাৱেশস্থলীৰ পৰাই কালি অসমত লোকসভা নির্বাচনৰ ৰণডংকা বজালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ জনসাধাৰণক বিদ্যুৎ মাচুলৰ পৰা সম্পূর্ণৰূপে সকাহ দিয়াৰ পৰা আৰম্ভ কৰি মহিলা সবলীকৰণৰ দিশলৈকে দেশবাসীক উদ্দেশ্যি বৃহৎ ঘোষণা কৰে প্রধানমন্ত্রী মোদীয়ে৷ ভাষণত মোদীয়ে অসমৰ জনসাধাৰণৰ লগতে দেশবাসীক উদ্দেশ্যি কয় যে এইবাৰৰ কেন্দ্রীয় বাজেটত এখন ডাঙৰ আঁচনি ঘোষণা কৰা হৈছে৷ যোৱা ১০ বছৰত বিজেপি চৰকাৰে প্রতিটো পৰিয়ালক বিদ্যুৎ যোগান ধৰিবলৈ এক অভিযান চলাইছিল৷ এইবাৰ চৰকাৰে বিদ্যুতৰ বিল শূন্যলৈ হ্রাস কৰিবলৈ আগবাঢ়িছে৷ বাজেটত চৰকাৰে ‘ঘৰৰ মূধচত সৌৰশক্তি’ (ৰুফটপ ছ’লাৰ)ৰ এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে৷ এই আঁচনিৰ অধীনত আৰম্ভণিতে চৰকাৰে এক কোটি পৰিয়ালক ৰুফটপ ছ’লাৰ স্থাপনত সহায় কৰিব৷ ইয়াৰ ফলত তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ’ব আৰু একে সময়তে সাধাৰণ পৰিয়ালেও তেওঁলোকৰ ঘৰত বিদ্যুৎ উৎপাদন কৰি, বিদ্যুৎ বিক্রী কৰি উপার্জন কৰিব পাৰিব৷ সেইদৰে মহিলা সবলীকৰণৰ অন্যতম অংশ হিচাপে চৰকাৰে গ্রহণ কৰা লাখপতি বাইদেউৰ প্রসংগ উনুকিয়াই প্রধানমন্ত্রী মোদীয়ে ভাষণত কয় যে মই দেশৰ দুই কোটি ভগ্ণীক লাখপতি কৰি তোলাৰ নিশ্চয়তা প্রদান কৰিছিলোঁ৷ যোৱা বছৰবোৰত এতিয়ালৈকে এক কোটি লাখপতি বাইদেউ হৈ উঠিছে৷ যেতিয়া আমাৰ দেশত আত্মসহায়ক গোটত কাম কৰা এক কোটি ভনী লাখপতি বাইদেউ হয়, তেতিয়া তলৰ পৃথিৱীখন কিমান পৰিৱর্তন হ’ব সেয়া সহজেই অনুমেয়৷ এইবাৰৰ বাজেটত লাখপতি বাইদেউ কৰি তোলাৰ লক্ষ্য বৃদ্ধি কৰা হৈছে৷ এতিয়া দুই কোটিৰ পৰিৱর্তে তিনি কোটি লাখপতি বাইদেউ কৰি তোলা হ’ব৷ ইয়াৰ পৰা অসমৰ হাজাৰ হাজাৰ ভনীও নিশ্চিতভাৱে লাভৱান্বিত হ’ব৷ ইয়াত আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত সকলো ভনীৰ বাবে সুযোগ আহিব৷ চৰকাৰে এইবাৰৰ বাজেটত অংগনৱাড়ী আৰু আশাকর্মীসকলকো আয়ুষ্মান যোজনাৰ আওতালৈ অনাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁলোকেও ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব৷ যেতিয়া ভনী আৰু কন্যাসকলৰ জীৱন সহজ কৰি তোলা চৰকাৰ থাকে, তেতিয়া সংবেদনশীলতাৰে কামবোৰ হ’বলৈ ধৰে৷ ইপিনে, কালিৰ সমাৱেশখনতে নাম উল্লেখ নকৰাকৈ কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে আমাৰ তীর্থ, আমাৰ মন্দিৰ, আমাৰ বিশ্বাসৰ স্থান এইবোৰ কেৱল ভ্রমণৰেই স্থান নহয়, এইবোৰ স্থান হৈছে আমাৰ হাজাৰ হাজাৰ বছৰজুৰি চলি থকা সভ্যতাৰ যাত্রাৰ অমলিন চিহ্ণ৷ ভাৰতে কেনেকৈ প্রতিটো সংকটৰ সন্মুখীন হৈ নিজকে স্থিৰ কৰি ৰাখিছিল, ই তাৰেই প্রমাণ৷ যিবোৰ সভ্যতা এসময়ত অতি সমৃদ্ধ আছিল তেওঁলোকৰ ধ্বংসাৱশেষহে আজি কেৱল আছেগৈ৷ দুর্ভাগ্যবশতঃ স্বাধীনতাৰ পিছত দীর্ঘদিন ধৰি দেশত চৰকাৰ চলোৱাসকলে এই পৱিত্র আস্থাৰ স্থানসমূহৰ গুৰুত্ব বুজিব নোৱাৰিলে৷ তেওঁলোকে ৰাজনৈতিক লাভৰ বাবেই তেওঁলোকৰ নিজৰ অতীত, তেওঁলোকৰ নিজৰ সংস্কৃতিৰ বাবে লজ্জিত হোৱাৰ এক প্রৱণতা গঢ়ি তুলিছিল৷ কোনো দেশেই কেতিয়াও নিজৰ অতীত মচি, এনেদৰে পাহৰি, ইয়াৰ শিপা কাটি বিকশিত হ’ব নোৱাৰে৷ অৱশ্যে যোৱা ১০টা বছৰত ভাৰতৰ পৰিস্থিতি সলনি হৈছে৷ বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে উন্নয়ন আৰু ঐতিহ্যক নিজৰ নীতিৰ অংশ কৰি তুলিছে৷ আজি ইয়াৰ ফলাফল অসমৰ বিভিন্ন কোণত দেখা গৈছে৷ অসমত বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে সম্পর্কিত সকলো ঠাইক আধুনিক সা–সুবিধাৰে সংযুক্ত কৰা হৈছে৷ ঐতিহ্য আৰু সংৰক্ষণৰ এই অভিযানৰ লগতে উন্নয়নৰ অভিযানো সমান গতিত চলি আছে৷ প্রধানমন্ত্রী মোদীয়ে ভাষণত আৰু কয় যে কোনো দেশেই, কোনো ৰাজ্যই সৰু লক্ষ্য নির্ধাৰণ কৰি দ্রুত বিকাশ সম্ভৱ কৰিব নোৱাৰে৷ আগৰ চৰকাৰসমূহে ডাঙৰ লক্ষ্যতো নির্ধাৰণ কৰা নাছিলেই, তেওঁলোকে নিজে স্থিৰ কৰা লক্ষ্য পূৰণ কৰিবলৈ কঠোৰ পৰিশ্রমো কৰা নাছিল৷ আমি পূর্বৰ চৰকাৰসমূহৰ সেই চিন্তাধাৰাও সলনি কৰিছোঁ৷