নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬২৩ কোটি ব্যয়সাপেক্ষ অইল ইণ্ডিয়াৰ দুটাকৈ পাইপ লাইন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : আজি যোৰহাটত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান মহাৰত্ন অইল ইণ্ডিয়া লিমিটেডৰ দুটাকৈ ধ্বজাধাৰী পাইপলাইন প্ৰকল্প উদ্বোধন কৰে। অইলে ইয়াৰ ১১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাহৰকটীয়া-বাৰাউনী খাৰুৱা তেল পাইপ লাইনৰ ৭৫৬ কিলোমিটাৰ বাৰাউনী-বঙাইগাঁও-গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা ৩ এমএমটিপিএ-লৈ উন্নীত কৰে । উল্লেখযোগ্য যে এই উন্নীতকৰণে বঙাইগাঁও আৰু গুৱাহাটী শোধনাগাৰত আমদানিকৃত খাৰুৱা তেলৰ যোগান পূৰণ কৰাত সহায় কৰিব । আনহাতে, কোম্পানীটোৱে দুলীয়াজানৰ পৰা ডিগবৈলৈকে থকা ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইনৰ ঠাইত নতুন কেথ’ডিক সুৰক্ষা ব্যৱস্থা আৰু অপটিকেল ফাইবাৰ যোগাযোগভিত্তিক নেটৱৰ্কেৰে সজ্জিত পাইপ লাইন স্থাপন কৰে, যিয়ে এছিয়াৰ আটাইতকৈ পুৰণি শোধনাগাৰ- ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৫ এমএমটিপিএ-ৰ পৰা ১এমএমটিপিএ-লৈ বৃদ্ধিত সহায় কৰিব। উল্লেখনীয় যে মুঠ ৬২৩ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হোৱা দুয়োটা প্ৰকল্পই সুৰক্ষিত, নিৰাপদ আৰু পৰিৱেশ অনুকূল ৰূপত হাইড্ৰ’কাৰ্বন অণুৰ পৰিবহণ নিশ্চিত কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উক্ত প্ৰকল্পদ্বয়ৰ ক্ষেত্ৰত ব্যৱহৃত বেছিভাগ যন্ত্ৰ আৰু সৰঞ্জাম থলুৱাভাৱে নিৰ্মিত, যিয়ে ভাৰতৰ নিৰ্মাণ উদ্যোগটোৰ ক্ষেত্ৰতো অৱদান আগবঢ়ায় । তদুপৰি, এই প্ৰকল্পসমূহে পূবৰ ৰাজ্য অসম, পশ্চিমবংগ আৰু বিহাৰত ক্ষেত্ৰ নিৰ্মাণৰ কামৰ বাবে প্ৰায় ৫০,০০০ শ্ৰমদিনৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছিল। উদ্বোধনী অনুষ্ঠানটোত অসমৰ ৰাজ্যপালকে ধৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস মন্ত্ৰী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, গুৱাহাটীৰ সাংসদ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ লগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰঠ প্ৰমুখ্যে জিলা প্ৰশাসন, অইল আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ জৰিয়তে শক্তি যোগান বৃদ্ধিৰ দিশত অইলৰ দায়বদ্ধতা আৰু অটল প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে । লগতে তেওঁ প্ৰকল্পকেইটা সাৰ্থক কৰি তোলাৰ ক্ষেত্ৰত জড়িত সকলো অংশীদাৰৰ প্ৰচেষ্টাৰো শলাগ লয় আৰু দেশৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আস্থা প্ৰকাশ কৰে ।

প্ৰেৰক কৃষ্ণা গগৈ 

You might also like