নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ইউনিফৰ্ম চুৰিৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ১২ ছেপ্টেম্বৰ : ৰূপহীহাটৰ জৰথনী মুক্তাব বিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে জৰথনী মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ইউনিফৰ্ম চুৰিৰ এক গুৰুতৰ অভিযোগ তুলিছে। প্ৰধান শিক্ষক ছামচুল ইছলামৰ বিৰুদ্ধে ইউনিফৰ্ম চুৰিৰ অভিযোগ ৰাইজ আৰু অভিভাৱকৰ। ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম সম্পূৰ্ণ বিতৰণ নকৰি চুৰি কৰি অন্য ঠাইত লৈ যোৱাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে। ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম বিচাৰি গ’লে নাই বুলি কৈ পঠিয়াই দিয়াৰ অভিযোগ ৰাইজ আৰু অভিভাৱকৰ। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে ৷ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অভিভাৱক আৰু স্থানীয় ৰাইজে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like