🔹 নলবাৰীৰ হৰিমন্দিৰত জীৱন্ত ৰাস ভাওনা কর্মশালাত ৰিণিকি ভূঞা শর্মা
🔹 মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি নৱপ্রজন্মক চিনাকি কৰাই দিয়াটো এক সুন্দৰ প্রয়াস
বিশেষ বার্তা, ৩১ অক্টোবৰ : নলবাৰীৰ পৱিত্র শ্রীশ্রী হৰিমন্দিৰ প্রাংগণত প্রজ্ঞা নলবাৰীৰ উদ্যোগত কালি জীৱন্ত ৰাস আৰু ভাওনা কর্মশালাৰ শুভাৰম্ভ কৰা হয়৷ অহা ২৫ নৱেম্বৰলৈ অনুষ্ঠিতব্য এই কর্মশালাখন বিয়লি উদ্বোধন কৰে সংগীত নাটক একাডেমী বঁটাপ্রাপক নৃত্যাচার্য যতীন গোস্বামীয়ে৷ উদ্বোধনী অনুষ্ঠানত বন্তি প্রজ্বলন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই ৷ অনুষ্ঠানত চমু ভাষণত ৰিণিকি ভূঞা শর্মাই কয়– হাজাৰ হাজাৰ বছৰ চলি অহা পৰম্পৰা ৰাসক লৈ কৰা এনে প্রয়াস সুন্দৰ৷ সুন্দৰ প্রচেষ্টা ৷ ৰাসৰ বিষয়টোৱেই হৈছে এটা তত্ত্বগধুৰ বিষয় ৷ ৰাসৰ তত্ত্বটোৱে হৈছে আমাৰ আত্মা আৰু পৰমাত্মাৰ মিলন ৷ এইবাৰ ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ নিচিনা প্রধান বিষয় এটা দাঙি ধৰিবলৈ বিচৰাটো সুন্দৰ প্রয়াস৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি নৱপ্রজন্মক চিনাকি কৰাই দিয়াৰ পদক্ষেপক সুন্দৰ পদক্ষেপ বুলি মন্তব্য কৰে ৰিণিকি ভূঞা শর্মাই ৷ ড০ সুনীল দাসে আৰম্ভণী ভাষণ দিয়া অনুষ্ঠানত নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয়– উজনি অসমত জীৱন্ত ৰাসে ৰাসযাত্রীসকলক আকর্ষণ কৰি আহিছে৷ মাজুলীৰ জীৱন্ত ৰাসেই নহয়, দেশৰ বিভিন্ন প্রান্তৰ ৰাসক আমাৰ ইয়ালৈ আমন্ত্রণ জনাইছিলোঁ, সকলো ৰাসৰে সমাহাৰ ঘটিছিল৷ এইবাৰো আমি তেনে ধৰণৰ ৰাস কৰিব বিচাৰিছোঁ৷ নলবাৰীৰ জীৱন্ত ৰাস–ভাওনাৰ কর্মশালা পৰিচালনা সমিতিৰ সভাপতি দীপক কুমাৰ শর্মা আৰু সম্পাদক মুনীন্দ্র বুজৰবৰুৱা উপস্থিত থকা অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস, আৰ এছ এছৰ উত্তৰ–পূবৰ ক্ষেত্রৰ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা, শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰ, জ্যেষ্ঠ সত্রীয়া নৃত্যশিল্পী সীতাৰাণী হাজৰিকা, মৌচুমী বৰা, ৰুকচানা বেগম, ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ প্রশিক্ষক অতুল চন্দ্র ভূঞা উপস্থিত থাকে ৷ আনহাতে, কর্মশালাখন উদ্বোধন কৰা নৃত্যাচার্য সংগীত নাটক একাডেমী বঁটাপ্রাপক তথা পদ্মশ্রী যতীন গোস্বামীয়ে একাংশ লোকে মহাপুৰুষ গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনাক বিকৃত কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে ভাওনা সংস্কৃতিক আৰু জীৱন্ত ৰাসক নৱপ্রজন্মৰ মাজত পৰিচয় কৰাই দিবৰ বাবে প্রজ্ঞা নলবাৰী সমিতিয়ে গ্রহণ কৰা প্রচেষ্টাৰ শলাগ লয়৷