🔹 ৰাষ্ট্রীয় বঁটাপ্রাপক শিক্ষক
🔹 প্রতিৱেশীয়ে প্রত্যক্ষ কৰিলে শশীপ্রভা দেৱীৰ মৃতদেহ
বার্তা ব্যুৰ’, ১৪ অক্টোবৰ : ৰাষ্ট্রীয় কৃতী শিক্ষকৰ বঁটাপ্রাপক, বিশিষ্ট লেখিকা, কবি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ–সভানেত্রী, তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী শশীপ্রভা দেৱীয়ে নিজ বাসগৃহতে অকলশৰীয়া অৱস্থাত কৰুণভাৱে মৃত্যুক সাবটি লয়৷ দুর্ভাগ্যজনক সংবাদটোৱে তেজপুৰবাসীক শোকস্তব্ধ কৰি তোলে৷ উল্লেখ্য যে সভা–সমিতিয়ে অতি সক্রিয়ভাৱে জডিত হৈ থকাই নহয়, যোৱা ৮ অক্টোবৰত তেজপুৰৰ অসমীয়া ক্লাবৰ এক গ্রন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা বিদুষী মহিলাগৰাকীৰ নিথৰ দেহ পৰহি সন্ধিয়া অনাকাংক্ষিতভাৱে ওচৰ–চুবুৰীয়াই এক বিশেষ মুহূর্তত প্রত্যক্ষ কৰে৷ উল্লেখ্য যে যোৰহাটত কর্মসূত্রে থকা পুত্র আৰু বিবাহিত কন্যাৰ বাবে অকলশৰীয়াকৈ তেজপুৰৰ দাধৰা বামুণ চুবুৰিৰ বাসগৃহত জীৱন যাপন কৰা সৰবৰহী লেখিকাগৰাকীৰ ঘৰৰ গেট পুৱাৰ পৰা সন্ধিয়ালৈকে খোল নোখোৱাত আৰু ম’বাহল ফোনতো সঁহাৰি নোপোৱাত সন্দেহ ওপজাত ওচৰ–চুবুৰীয়াই গেট বগাই ঘৰৰ ভিতৰলৈ সোমাই গৈ তলা মৰা অৱস্থাত থকা ঘৰৰ ভেণ্টিলেচনৰ ফাঁকেৰে জুমি চাই বিছনাত তলমূৰ কৰি পৰি থকা দেখা পায়৷ লগে লগে হুৱাদুৱা লাগে আৰু স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ ডপস্থিত হৈ দর্জাৰ তলা ভাঙি প্রাথমিক তদন্ত আৰম্ভ কৰি পূর্বৰ নিশাই মৃত্যু হোৱা বুলি সন্দেহ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বহুকেইখন গ্রন্থৰ স্রষ্টা, তেজপুৰৰ সক্রিয় ৰাজহুৱা কর্মীগৰাকীয়ে ৭৬ বছৰ বয়সত কৰুণ মৃত্যুক সাবটিব লগা হোৱা দুর্ভাগ্যজনক ঘটনাত সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে সাম্প্রতিক সময়ৰ বস্তুনিষ্ঠ সমাজখনৰ স্পষ্ট ছবি উন্মোচিত কৰিছে৷ উল্লেখ্য যে ১৯৫০ চনৰ ২৬ এপ্রিলত জিলাখনৰ চাৰিদুৱাৰত জন্মগ্রহণ কৰা আৰু ১৯৭০ চনৰ ৪ ফেব্রুৱাৰীত তেজপুৰৰ দাধৰা বামুণ চুবুৰি নিৱাসী প্রয়াত প্রেমনাৰায়ণ মিশ্রৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বিদুষীগৰাকীয়ে এগৰাকী সুদক্ষ সমাজ সংগঠক ৰূপে তেজপুৰৰ লগতে জিলাখনৰ সর্বত্র জনপ্রিয়তা অর্জন কৰিছিল৷ ১৯৭২ চনৰ ২৩ অক্টোবৰত মিছামাৰীৰ ৰামনাথপুৰ প্রাথমিক বিদ্যালয়ত শিক্ষক জীৱনৰ পাতনি মেলি গন্দুৰা বিল প্রাথমিক বিদ্যালয়, বৰআটি প্রাথমিক বিদ্যালয়, তেজপুৰৰ বৰুৱা চুবুৰি প্রাথমিক বিদ্যালয়ত নিষ্ঠাৱান শিক্ষয়িত্রী হিচাপে সুদীর্ঘ কাল শিক্ষাদান কৰি শেষত ৰাষ্ট্রীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে দুটাকৈ বছৰ অতিৰিক্ত কার্যকালেৰে ২০১২ চনত তেজপুৰৰ ডেকাৰগাঁওচুক প্রাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্রহণ কৰে৷ তেওঁ ২০০২ বর্ষত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ লগতে ২০১০ চনত ৰাষ্ট্রীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি বাবু জগজীৱন ৰাম কলা-সংস্কৃতি তথা সাহিত্য অকাডেমিৰ তৰফৰ পৰা ২০১০ চনত ‘শ্রীমতী ইন্দ্রাণী জগজীৱন ৰাম ৰাষ্ট্রীয় পুৰস্কাৰ’ৰ লগতে ৰ’টাৰী ক্লাব লায়ন্স ক্লাবৰ বিশেষ পুৰস্কাৰ, বিভিন্ন বঁটা–বাহন, সম্বর্ধনাৰে বিভূষিত হৈছিল৷ ২০০৮ চনত ‘প্রগতিকামী শিশু মঞ্চ’ নামৰ এটা অনুষ্ঠান গঢ় দি শিশুসকলৰ বৌদ্ধিক–মানসিক আৰু সুকুমাৰ কলা বিকাশৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰিছিল৷ লেখিকাগৰাকীয়ে দাধৰা বামুণ চুবুৰিৰ ‘আজলী মহিলা সমিতি’ৰ ২০১৪ চনৰ পৰা ১৬ চনলৈ সম্পাদিকাৰ দায়িত্বত থাকি নাৰী সবলীকৰণৰ বাবেও অহোপুৰুষার্থ কৰিছিল৷ ১৯৯৯ চনত গুপ্তঘাতকৰ হাতত অকাল মৃত্যুক সাবটি লোৱা পুত্র ৰাজেশ মিশ্রৰ সোঁৱৰণত এই মঞ্চখন দান হিচাপে আগবঢ়াই যুৱ শিশুসকলৰ প্রতিভা বিকাশৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰি আহিছিল৷ পুত্র ৰাজেশ মিশ্রৰ সোঁৱৰণত প্রতিবছৰেই নৈতিক আৰু মানৱীয় মূল্যবোধসম্পন্ন শিক্ষার্থীক প্রদান কৰি আহিছিল দুটাকৈ বিশেষ বঁটা৷ বিশিষ্ট লেখিকা, কবি হিচাপে সর্বত্র পৰিচিত শশীপ্রভা দেৱীয়ে অকণিহঁতৰ বাবে যুক্তাক্ষৰৰ পুথি ‘অসমীয়া যুক্তাক্ষৰৰ হাতপুথি’, সাধাৰণ জ্ঞান বিষয়ক পুথি ‘আমি জানোনে?’, প্রবন্ধ সংকলন ‘নিবন্ধ গুচ্ছ’, কবিতা পুথি ‘আৰতি’, মহান লোকৰ বাণী সংগ্রহ ‘বাণী মহান’, ‘জ্ঞান সাৰথি’, ‘মানুহৰ অৰণ্যৰ ৰং’ আদিকে ধৰি প্রায় ১০খনকৈ গ্রন্থও ৰচনা কৰি শেহতীয়াকৈ নিজে কণ্ঠদান কৰা ‘অ’ মোৰ মৰমী আই’ শীর্ষক এটি এলবামো উন্মোচন কৰিছিল৷ জনপ্রিয় মহিলাৰ এনে অবাঞ্ছিত মৃত্যুৰ বতৰা পোৱাৰ পিছতেহ বাসগৃহত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রাক্তন সভানেত্রী ড০ চাৰু চহৰীয়া নাথ, বর্তমানৰ প্রধান সম্পাদিকা মনোমতী কুর্মী, প্রাক্তন উপ–সভানেত্রী ৰাণু হাজৰিকা, তেজপুৰ শাখাৰ বর্তমানৰ সম্পাদিকা কল্পনা কলিতা, মণিমালা শইকীয়াৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া-শুভাকাংক্ষীসকল সমৱেত হৈ ম্রিয়মাণ হৈ পৰে৷
প্ৰেৰক পুলক ডেকা