নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্যাতনকাৰী পিতৃক আটক কৰাৰ দাবীত প্ৰতিবাদী সমদল

🔹 হাতে হাতে প্লে-কাৰ্ড লৈ চিলাপথাৰত ধৰ্ণা মহিলা সুৰক্ষা ঐক্য মঞ্চৰ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এজনৰ বিৰুদ্ধে নিজ পত্নীয়ে নিজৰ কন্যাক বন্দুক দেখুৱাই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি যোৱা ১৬ ছেপ্টেম্বৰত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। দিছপুৰ আৰক্ষীয়ে ১৬/০৯/২০২৩ এজাহাৰ নং ১৮১২ আই পি চি ৩৭৬(২)(চি)/৩৫৪ বি আৰু ৮/৪ পস্ক’ আইন -২০১২ অধীনত গোচৰ পঞ্জীয়ন কৰে যদিও আজি ১০ দিন উকলি যোৱাৰ পিছতো দিছপুৰ বা ধেমাজি আৰক্ষীয়ে লোকজনক আটক কৰিবলৈ সক্ষম নোহোৱাত আজি চিলাপথাৰত মহিলা সুৰক্ষা ঐক্য মঞ্চৰ মহিলাসকলে চিলাপথাৰ নগৰৰ মাজেৰে হাতে হাতে প্লেকাৰ্ড লৈ জনৈক চুতীয়াক আটক কৰক,  চুতীয়াক ফাঁচী দিয়ক, অসম পুলিচ হায়  হায়, নাৰীৰ সুৰক্ষা নিশ্চিত কৰক আদি শ্ল’গান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে থানাৰ সম্মুখত। ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে লোকজনক আটক নকৰিলে ইয়াতকৈ অধিক গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে মহিলাসকলে।
প্ৰেৰক কৰবী দলে
You might also like