নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ অন্তৰ্গত ১৪টা পৰিষদীয় সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। উল্লেখ্য যে জিলাখনৰ অন্তৰ্গত মুঠ ১৬টা পৰিষদীয় সমষ্টিৰ দুটাত ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাই জয়ী হৈছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই পৰিষদীয় নিৰ্বাচনৰ বাবে আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল নিৰ্বাচনৰ যাৱতীয় সা-সামগ্ৰীসহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। উল্লেখ্য যে জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে ১,১৩৬গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়া নিয়োজিত কৰা হৈছে। তদুপৰি ভোট গ্ৰহণ কেন্দ্ৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্তসংখ্যক আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৪টা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৪৪গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই সমষ্টিকেইটাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৬৯,২৫৯গৰাকী। ইয়াৰে ৮২,৪৫৮গৰাকী পুৰুষ আৰু ৮৬,৮০১গৰাকী মহিলা। পৰিষদীয় সমষ্টিত থকা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ২০৯টা। ইয়াৰে মুঠ ১০টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা প্ৰিজাইডিঙ-পলিঙ বিষয়াৰ দ্বাৰা আৰু ১টা দিব্যাংগ প্ৰিজাইডিঙ-প’লিঙ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। মহিলাসকলৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ২টা হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহযোগ কামনা কৰাৰ লগতে জিলাখনৰ সংশ্লিষ্ট প্ৰতিগৰাকী ভোটাৰকে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
প্ৰেৰক মুনীন ডেকা