নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকাক ধৰ্ষণ, গ্ৰেপ্তাৰ ধুবুৰীৰ আব্দুৰ-ময়নাল

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ধুবুৰী জিলা আয়ুক্তৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি আন এজন ব্যক্তিক ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ। জানিব পৰা মতে, ভূক্তভোগীৰ পৰিয়ালে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত গৌৰীপুৰ থানাত ৰুজু হৈছিল ১৭৭/২৫ নম্বৰৰ এটা গোচৰ। সেই গচৰৰ ভিত্তিত যোৱানিশা গৌৰীপুৰ আৰক্ষীৰ দলে ঝালেৰ অলগা আৰু দলসিঙেৰ অলগাত নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুইজনক। তেওঁলোক ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। আব্দুৰ ৰহমানকে ধৰি ময়নাল হক নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like