নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ মহৰিক আটক

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : আজি জিলাখনৰ এগৰাকী অতিৰিক্ত আয়ুক্তই ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্য্যালয়ত কৰ্মৰত এগৰাকী মহৰিক আটক কৰি আৰক্ষীক চমজাই দিয়া বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক সান্ত্বনা বৰাই সুমন আহমেদ ওৰফে বাবলু নামৰ এগৰাকী মহৰিক নিজ কাৰ্যালয়লৈ মাতি নিয়ে আৰু পিছত মহৰিগৰাকীক ধুবুৰী সদৰ থানাত চমজাই দিয়ে। অৱশ্যে কি কাৰণত মহৰিগৰাকীক আৰক্ষীক চমজাই দিয়া হ’ল, সেয়া এতিয়ালৈ আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই। সন্দেহ কৰা অনুসৰি, মাটি ক্ৰয়-বিক্ৰয়ৰ ভুৱা এনঅ’চি সংক্ৰান্তীয় কোনো অভিযোগৰ ভিত্তিতেই মহৰিগৰাকীক কৰায়ত্ত কৰা হৈছে। আনুষ্ঠানিকভাৱে নজনালেও মহৰিগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এজাহাৰো দাখিল কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like