নলবাৰীৰ ৯১সংখ্যক ৰাস মহোৎসৱৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰ প্ৰাঙ্গণত ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা ৯১তম্ নলবাৰী ৰাস মহোৎসৱৰ কালিলৈ ২৮ নৱেম্বৰত সামৰণি পৰিব।
ইতিমধ্যে নলবাৰী ৰাস মহোৎসৱৰ সংগতি ১৬ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ পুৱা ১০ বজাৰ পৰা বৰগীত প্ৰতিযোগিতা, কৃষ্ণ প্ৰতিযোগিতা, বাঁহী বাদন প্ৰতিযোগিতা, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, সংগীত প্ৰতিযোগিতা, গীতা শ্লোক, মুকলি কুইজ, চিত্ৰাংকন, সত্ৰীয়া নৃত্য, শংখধ্বনি, উৰুলী, লোকগীত, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা উপ সমিতিৰ সভাপতি গৌৰীকিংকৰ গোস্বামী, যুটীয়া সম্পাদক দ্বয় ভূপেন ডেকা আৰু নৱ কুমাৰ ডেকা, ৰাস মহোৎসৱৰ কাৰ্যালয় সম্পাদক সকল ক্ৰমে মুখ্য সম্পাদক মোহন হালৈ, ডাঃ ভাস্কৰ কাকতি, সঞ্জীত মল্ল বৰুৱা, কৰুণা হালৈ, নৱ তালুকদাৰ আদিয়ে পৰিচালনা কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিশিষ্ট বিচাৰক সকলৰ সিদ্ধান্ত মৰ্মে প্ৰতিযোগিতাসমুহৰ ফলাফল সমুহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৯১তম্ ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে। প্ৰতিটো প্ৰতিযোগিতা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল সমুহ ক্ৰমে
বৰগীত প্ৰতিযোগিতা
প্ৰথম কংকনা হালৈ, দ্বিতীয় ৰিপুঞ্জয় দত্ত আৰু তৃতীয় ৰাহুল দাস
কৃষ্ণ প্ৰতিযোগিতা
প্ৰথম কৃষ্টিয়ানা তালুকদাৰ, দ্বিতীয় নৈৰিতি ঋত্বিক, তৃতীয় নীহাৰিকা কাশ্যপ দাস
বাঁহী বাদন প্ৰতিযোগিতা
প্ৰথম ৰাজদ্বীপ চক্ৰৱৰ্তী, দ্বিতীয় চিন্ময় কলিতা আৰু তৃতীয় হিমাংশু কলিতা
ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা
ক শাখাঃ প্ৰথম অংশুমান গোস্বামী, দ্বিতীয় হিমনজ্যোতি দাস, তৃতীয় চৈয়দ চলমান ফাৰ্চী
খ শাখাঃ প্ৰথম পাৰ্থ প্ৰতীম মজুমদাৰ, দ্বিতীয় প্ৰণৱ বৰ্মন, তৃতীয় জেউতি পাঠক-ভায়োলিনা কাশ্যপ
আকস্মিক বক্তৃতা প্ৰতিযোগিতা
ক শাখাঃ প্ৰথম দৰ্শিল ৰঞ্জন দত্ত, দ্বিতীয় জিজ্ঞাসা গোস্বামী আৰু তৃতীয় আৰিষা টি আহমেদ
খ শাখাঃ প্ৰথম ৰিপুঞ্জয় কলিতা, দ্বিতীয় অনুপম গোস্বামী, তৃতীয় অংকিতা শৰ্মা
সংগীত প্ৰতিযোগিতা
প্ৰথম হৃষিকেশ শৰ্মা, দ্বিতীয় ভাৱনা কলিতা, তৃতীয় অংকুৰ শৰ্মা
গীতা শ্লোক প্ৰতিযোগিতা
ক শাখাঃ প্ৰথম ভাৰ্জিতা দাস, দ্বিতীয় আদিত্য নাথ, তৃতীয় কৃষ্ণাজিনা শৰ্মা
খ শাখাঃ প্ৰথম দৰ্শিতা হালৈ, দ্বিতীয় বিদিশা ভৰদ্বাজ, তৃতীয় ৰিপুঞ্জয় কলিতা
মুকলি কুইজ প্ৰতিযোগিতা
প্ৰথম বিজিত দাস, দ্বিতীয় সুৰয আহমেদ, তৃতীয় দেৱজিৎ কলিতা
চিত্ৰাংকন প্ৰতিযোগিতা
ক শাখাঃ প্ৰথম হিয়াঞ্চু দেৱ শৰ্মা, দ্বিতীয় অঞ্চু অল্যেমান, তৃতীয় ভৰ্ষিতা ডেকা
খ শাখাঃ প্ৰথম বৰ্ণিল দাস, দ্বিতীয় নিহাৰিকা বৰ্মন, তৃতীয় ফ্ল’ৰিনা কাশ্যপ
গ শাখাঃ প্ৰথম জিলমিল শৰ্মা, দ্বিতীয় প্ৰান্তিক ৰয়, তৃতীয় অংশুনিতা কৌশিক
সত্ৰীয়া নৃত্য প্ৰতিযোগিতা
প্ৰথম ঈপ্সিতা বৰুৱা, দ্বিতীয় পংখুৰি কলিতা, তৃতীয় অভিনন্দা কলিতা
শংখধ্বনি প্ৰতিযোগিতা
প্ৰথম ৰতন কুমাৰ, দ্বিতীয় অংকিত দত্ত-কৰুণা ভট্ট, তৃতীয় চয়নিকা হালৈ
উৰুলি প্ৰতিযোগিতা
প্ৰথম সীমাৰাণী শৰ্মাৰ দল, দ্বিতীয় অনিতা হালৈৰ দল আৰু তৃতীয় হিমাক্ষী তামুলীৰ দল
লোকগীত প্ৰতিযোগিতা
প্ৰথম অনুৰাগ কলিতা, দ্বিতীয় ফনীধৰ দাস, তৃতীয় ভূধৰ হালৈ।
প্ৰেৰক বীৰেন কলিতা