নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ফেনে-ফোটোকাৰে বাঢ়িছে জৰাসৰ, মানশিৰি নৈ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ অঞ্চলতো অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত বালিপৰাত জৰাসৰ, মানশিৰি আদিৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বাঢ়ি অহাত অঞ্চলবাসী ৰাইজ সন্ত্ৰস্ত্ৰ হৈ পৰিছে । কেইদিনমান আগলৈকে শুকাই থকা মানশিৰি, জৰাসৰ নৈ এতিয়া বাঢ়নী পানীয়ে ওপচি পৰিছে । জৰাসৰ আৰু মানশিৰি নৈৰ এনে ভয়াৱহ ৰূপ লক্ষ্য কৰি বালিপৰা, দীঘলীগাঁও, দীঘলী বালিজান, কমাৰী গাঁও, উদমাৰীগাঁও, ভকতগাঁও, বামগাঁও ,ঢেকেৰী গাঁও ইত্যাদি গাঁওসমূহৰ গঞা ৰাইজ উপায়হীন হৈ পৰিছে । বহুতৰ চোতালত প্ৰৱেশ কৰিছে বাঢ়নী পানী । বাঢ়নী পানীৰ লগতে ৰাইজৰ পদূলি এফালৰ পৰা বুৰাইছে পথাৰৰপৰা প্ৰৱেশ কৰা পানীয়ে । আনহাতে ঠায়ে ঠায়ে জৰাসৰ, মানশিৰিয়ে খহাইছে নৈৰ থিয় গৰা । উল্লেখ্যে যে প্ৰতিবছৰে জৰাসৰ, মানশিৰি নৈয়ে বৃহত্তৰ বালিপৰা অঞ্চলত ভয়াৱহ বানৰ সৃষ্টি কৰি ৰাইজৰ যথেষ্ট অনিষ্ট সাধন কৰি আহিছে । বানত প্ৰতিবছৰে বুৰ যায় ৰাইজৰ ঘৰ-দুৱাৰ, খেতিপথাৰ । ইমানৰ পিছতো আজিপৰ্যন্ত জলসম্পদ বিভাগ, ৰঙাপৰা সমষ্টিৰ বিধায়ক, দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জৰাসৰ আৰু মানশিৰি নৈৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম নোহোৱা কাৰ্যক ৰাইজে বিভাগসমূহৰ সমান্তৰালভাৱে ৰঙাপৰা সমষ্টিৰ পূৰ্বৰ বিধায়কসকল আৰু বৰ্তমানৰ বিধায়কৰ চূড়ান্ত ব্যৰ্থতা বুলি অভিহিত কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like