নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ শালবাৰী বাখাৰা পাৰা গাঁৱৰ এগৰাকী বিধবা মহিলাৰ ঘৰত আজি পুৱা ১০ মান বজাত ঘৰৰ দৰ্জা ভাঙি কোনো চোৰে নগদ ধনসহ কিছু সোণৰ আ-অলঙকাৰ চোৰ কৰি নিয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দুটি সন্তানসহ জিৱীকা নিৰ্বাহ কৰা মহিলাগৰাকীৰ সন্তান দুটা অইন দিনাৰ দৰে আজিও বিদ্যালয়লৈ যায়। আনহাতে কৰুণা নামৰ মাতৃগৰাকী ঘৰৰ দৰজাত তলা লগাই চাপৰলৈ বজাৰ কৰিব যায়। সেই সুযোগতে কোনো চোৰে মহিলাগৰাকীৰ ঘৰৰ দৰ্জা ভাঙি নগদ ২৫ হেজাৰ টকা সহ কিছু সোণৰ আ-অলঙকাৰ চোৰ কৰি নিয়ে। মহিলাগৰাকী বজাৰৰ পৰা ঘৰত ঘূৰি গৈ ঘৰৰ দৰ্জা লণ্ডভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে। লগে লগে মহিলাগৰাকী ঘটনাৰ সবিশেষ বইটামাৰী আৰক্ষীক অৱগত কৰে। ইতিমধ্যে অঞ্চলটোত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক ছাত্তাৰ উদ্দিন আহমেদ