নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আৰক্ষীকো কেৰেপ নকৰে চোৰে

নিয়মীয়া বাৰ্তা,  ১২ ছেপ্টেবৰ : জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা আব্বাচ টায়াৰ চাৰ্ভিছ নামৰ এখন টায়াৰ দোকানত আজি পুৱতি  নিশা প্ৰায় ২ বজাত চোৰে তলা ভাঙি লুটি নিলে ১০টাকৈ টায়াৰ৷ এখন  পিকআপ বাহন লৈ অহা চোৰৰ দলটোত আছিল চাৰিগৰাকী সদস্য৷ চুৰি কাৰ্যৰ সকলো দৃশ্য বন্দী হৈছে চি চি কেমেৰাত৷ আব্বাচ টায়াৰ চাৰ্ভিছ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে, প্ৰায় এক লাখ টকা মূল্যৰ টায়াৰ লুটি নিছে চোৰৰ দলটোৱে৷ চোৰৰ দলটোৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখনৰ সন্ধানত জোনাই আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷
প্ৰেৰক কৰবী দলে
You might also like