নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা : পিষ্টলসহ ধৃত ডকাইত

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা ৷ ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ডকাইতৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত এটা পিষ্টলসহ আটক কৰা হয় এটা ডকাইতক। ৰূপহীহাট আৰক্ষীয়ে আমেৰিকাত নিৰ্মিত এটা .22 পিষ্টলসহ আটক কৰে ডকাইতটোক। আটকাধীন ডকাইতটো নগাঁৱৰ মধ্য শিয়ালমাৰীৰ চান্দ মিঞা বুলি জানিব পৰা গৈছে ৷ কিছুদিন পূৰ্বে ৰূপহীহাটৰ কাঞ্চনপুৰত হোৱা গুলীয়াগুলীৰ সৈতে জড়িত আছিল ধৃত চান্দ মিঞা। পূৰ্বতেও বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ আছে ধৃত চান্দ মিঞাৰ বিৰুদ্ধে। ৰূপহীহাট আৰক্ষীয়ে ধৃত ডকাইতটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like